Breaking

শিক্ষাৰ্থীসকলক দেশ আৰু সমাজৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰিবলৈ আহ্বান মন্ত্ৰী হাজৰীকাৰ

0 35

দিছপুৰ, জুলাই ১৮ঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনত অসম সচিবালয় চতুৰ্থ শ্ৰেণী চৰকাৰী কৰ্মচাৰী সন্থাৰ উদ্যোগত আয়োজিত কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে । সন্থাৰদ্বাৰা প্ৰতি বছৰৰ দৰে এই বছৰো সচিবালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ পৰিয়ালৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সদস্যসকলক সম্বৰ্ধনা জনোৱা হয় । বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষও মন্ত্ৰী পীযুষ হাজৰীকা এই অনুষ্ঠানত উপস্থিত থাকি শিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰে ।

এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অসম সচিবালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী পৰিয়ালৰ ১১ গৰাকী কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা অনুষ্ঠানটোত বক্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই কয় যে সচিবালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে আন বিষয়াসকলৰ দৰেই ৰাজ্যখনৰ উন্নতিৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আছে ।কৃতী শিক্ষাৰ্থীসকলক আগন্তুক ছয়-সাত বছৰ কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে নিজৰ লগতে পৰিয়াল আৰু দেশৰ বাবে কাম কৰিবলৈ আমাৰ উত্তৰ প্ৰজন্ম সু-প্ৰতিষ্ঠিত হ’বই লাগিব ।

সামাজিক দায়বদ্ধতাৰে জীৱনত আগবাঢ়ি যাবলৈ সকলোকে আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ পিতৃ-মাতৃয়ে সচিবালয়ত কাম কৰাৰ জড়িয়তে ৰাজ্যখনৰ প্ৰগতিত বিশেষ ভূমিকা গ্ৰহণ কৰি আছে । আনহাতে শিক্ষাৰ্থীসকলক নিজৰ পিতৃ-মাতৃতকৈ অধিক সফল হোৱাৰ বাবে আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰত্যেক পিতৃ-মাতৃয়েই আন্তৰিকতাৰে কামনা কৰে যে তেওঁলোকৰ সন্তান তেওঁলোকতকৈও অধিক সফল হওঁক ।

আনহাতে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমৰ শৈক্ষিক খণ্ডৰ উন্নতিৰ বাবে যথেষ্ট কাম কৰিছে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে ৰাজ্যখনত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৬ ৰপৰা বৃদ্ধি হৈ বৰ্তমানে ১২ খন হৈছে ফলত আগতে প্ৰত্যেক বছৰে ৭২৬ জন চিকিৎসক উলোৱাৰ বিপৰীতে এতিয়া বছৰি ১৩৫০ জন চিকিৎসক উলায় । এই সংখ্যা আগন্তুক ৫ বছৰত ২৫০০ পৰ্যন্ত বৃদ্ধি হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । একেটা সময়তে ৰাজ্যখনত বিশ্ববিদ্যালয়ৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত এতিয়া প্ৰায় ৪৫ হাজাৰ শিক্ষাৰ্থীয়ে স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা হৈছে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে জীৱনত সু-প্ৰতিস্থিত হ’বলৈ আমি প্ৰত্যেকেই প্ৰকৃত শিক্ষাৰে শিক্ষিত হ’বই লাগিব ।

অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে ৰাজ্য চৰকাৰৰ আন এগৰাকী মন্ত্ৰী সঞ্জয় কিষাণ আৰু বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থও উপস্থিত আছিল ।

Leave A Reply

Your email address will not be published.