Breaking

শিৱসাগৰৰ চাৰিগৰাকী ছাত্ৰই জেইই এডভান্সৰ সৰ্বভাৰতীয় পৰীক্ষাত স্থান লাভ

0 8

দৈনন্দিন বাৰ্তাৰ বিশেষ প্ৰতিনিধি, শিৱসাগৰ, ২৭ জুনঃ শিৱসাগৰৰ চাৰি জন ছাত্ৰ ৰচিলে ইতিহাস । বৌদ্ধিক নগৰী ৰূপে খ্যাত শিৱসাগৰত আজিও গঢ় লৈ নুঠিল উচ্চ শিক্ষাৰ আধুনিক প্ৰতিষ্ঠান অথবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উন্নত মানৰ কচিং চেন্টাৰ।কিন্তু তাৰ পাছতো চাৰিজন ছাত্ৰৰ কষ্ট,ত্যাগ আৰু একাগ্ৰতাই শিৱসাগৰক গৌৰাম্বিত কৰাই নহয় ৰচিলে এক ইতিহাস । আমি সকলোৱে জানো যে সৰ্বভাৰতীয় পৰ্যায়ত হোৱা প্ৰতিযোগিতামূলক পৰীক্ষা সমূহৰ ভিতৰত সবাতোকৈ কঠিন পৰীক্ষা সমূহৰ ভিতৰত জে ই ই এডভান্স অন্যতম । লাখ লাখ ছাত্ৰ-ছাত্ৰী এই কঠিন পৰীক্ষাত অৱৰ্ত্তীণ হয় যদিও সীমিত সংখ্যক ছাত্ৰ-ছাত্ৰীৰহে ভাগ্য উদয় হয়।২০২৪ শিক্ষা বৰ্ষৰ পৰীক্ষাত মুঠ এইবাৰ ১৫ লাখ ১৪ হাজাৰ ১১০ গৰাকী ছাত্ৰ-ছাত্ৰী অৱৰ্তীণ হৈছিল ।ইতিমধ্যে পৰীক্ষাৰ ফলাফল ঘোষিত হৈছে আৰু সৰ্বভাৰতীয় এই কঠিন পৰীক্ষাত উন্নত শিক্ষাৰ আন্তঃগাঠনি নথকা শিৱসাগৰৰ চাৰিজনকৈ ছাত্ৰই জে ই ই এডভান্সৰ সৰ্বভাৰতীয় পৰ্যায়ৰ চূড়ান্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উৰ্ত্তীণ হৈ আই আই টিৰ দৰে উচ্চ শিক্ষা প্ৰতিষ্ঠানত ইঞ্জিনীয়াৰিং শিক্ষা গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে ।এইয়া শিৱসাগৰৰ শিক্ষা জগতৰ বুৰঞ্জীত নজিৰ বিহীন ঘটনা।কাৰণ আজিলৈকে একলগে চাৰিজনকৈ ছাত্ৰই সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত(জে ই ই)শিৱসাগৰৰ পৰা উৰ্ত্তীণ হোৱাৰ নজিৰ নাই ।

এনে ধৰণৰ সাফল্যই সমগ্ৰ শিৱসাগৰবাসীক গৌৰাম্বিত কৰাই নহয় নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক সৰ্ভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱৰ্ত্তীণ হবলৈ উৎসাহিত কৰে ।এইবাৰৰ জে ই ই এডভান্সত যি চাৰি জন ছাত্ৰই সাফল্য লাভ কৰিছে তেওলোক হল ক্ৰমে শিৱাংশু শৰ্ম্মা।শৰ্ম্মাৰ জে ই ই এডভান্সাত সৰ্বভাৰতীয় ৰেংক ৫৩৩৩ আৰু চি ই ই আসাম ষ্টেট ৰেংক ৫ । তেও ভিলাই আই আই টিত বি টেক কম্পিউটাৰ চাইস্নত ইঞ্জিনীয়াৰিং কৰাৰ সুযোগ লাভ কৰিছে । শিৱসাগৰবাসীক গৌৰাম্বিত কৰা আনজন ছাত্ৰ হৈছে চিৰাগ আগৰৱালা।জে ই ই এডভান্সৰ সৰ্বভাৰতীয় ৰেংক ৭০৫৮ আৰু চি ই ই আসাম ষ্টেট ৰেংক ৭ । তেও গান্ধীনগৰ আই আই টিত বি টেক মেকানিকেল ইঞ্জিনীয়াৰিং কৰাৰ সুযোগ লাভ কৰিছে।শিৱসাগৰৰ শিক্ষা জগতৰ বাবে নজিৰ সৃষ্টি কৰা তৃতীয় জন ছাত্ৰ হৈছে ৰক্তোপল বৰা । জে ই ই এডভান্সৰ সৰ্বভাৰতীয় ৰেংক ১২৬২৪ ।তেও পাটনা আই আই টিত বি টেক কেমিকেল ইঞ্জিনীয়াৰিং কৰাৰ সুযোগ লাভ কৰিছে ।শিৱসাগৰবাসীয়ে গৌৰৱ কৰিব পৰা চতুৰ্থ জন ছাত্ৰ হৈছে আনিদ এ দাস । জে ই ই এডভান্সৰ সৰ্বভাৰতীয় ৰেংক ১০৪৮। আই আই টিত বি টেক ইলেকট্ৰনিক আৰু কমিনিউকেচনত ইঞ্জিনীয়াৰিং কৰাৰ সুযোগ লাভ কৰিছে।স্বভাৱিকতে শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই অনা আৰু শিৱসাগৰৰ শিক্ষা ক্ষেত্ৰ খনত এক ইতিহাস সৃষ্টি কৰা চাৰিও গৰাকী ছাত্ৰ সমগ্ৰ শিৱসাগৰবাসীৰ অভিনন্দনৰ পাত্ৰ ।অভিনন্দনৰ পাত্ৰ তেওলোকৰ অভিভাৱক সকলো।এই চাৰিগৰাকী ছাত্ৰৰ সাফল্যই শিৱসাগৰৰ শিক্ষা জগত খনত এক নতুন দিগন্তৰ সূচনা কৰিব ।

Leave A Reply