Breaking

সদনত অখিল গগৈৰ ভণ্ডামি প্ৰতিফলিত হ’ল- বিমল বড়া

0 23


গুৱাহাটী, ২৭আগষ্ট:’অখিল গগৈৰ ভণ্ডামি আজি সদনে প্ৰত্যক্ষ কৰে’-চলিত বিধান সভাৰ দিনটোৰ কাৰ্যসূচী অন্ত পৰাৰ পাছত বিধান সভাৰ বাহিৰত সাংবাদিক সকলৰ আগত এই মন্তব্য কৰে ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই।


মন্ত্ৰী বড়াই কয় যে, আজি বিধান সভাত মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰি অসমৰ এখন বাস্তৱ ছবি ডাঙি ধৰাৰ প্ৰয়াস কৰাৰ সময়ত এজন ব্যক্তিৰ আচৰণ চাব লগীয়া আছিল, সময়ে সময়ে ৰূপ সলাই অসমৰ মানুহক বিভ্ৰান্ত কৰি অহা অখিল গগৈয়ে যেতিয়া উজনি অসমলৈ যায় জাতীয়তাবাদৰ মুখা পিন্ধি মানুহক বিভ্ৰান্ত কৰে। আৰু যেতিয়া নামনি লৈ আহে সংখ্যা গৰিষ্ঠ লোকসকলৰ হাতত হাত ধৰি বৈতৰণী পাৰ হোৱাৰ চেষ্টা কৰে।


‘মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাই সদনত যেতিয়া উজনি অসমত মিঞাৰ আগ্ৰাসন হবলৈ দিয়া নহব বুলি বক্তব্য প্ৰদান কৰিছিল, মুখ্যমন্ত্রীৰ ভাষণৰ প্ৰতিবাদ কৰিবলৈ কংগ্ৰেছ সদস্য সকল যেতিয়া অধ্যক্ষৰ ওচৰলৈ গৈছিল তেতিয়া অখিল গগৈৰ অৱস্থা চাবলৈ লগীয়া আছিল’ বুলি কৈ মন্ত্ৰী বড়াই উল্লেখ কৰে যে যোৱা নিৰ্বাচনত কংগ্ৰেছ কাৰ লগত আছিল সেয়া সকলৱে জানে।


উজনিত জাতীয়তাবাদ আৰু নামনিত মিঞাবাদ কৰা গগৈৰএক ডাঙৰ সত্য আজি বিধান সভাৰ মজিয়াত উন্মোচিত হোৱা বুলি ব্যক্ত কৰি উদ্যোগ মন্ত্ৰী বড়াই ৰাইজক এই ক্ষেত্রত চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.