Breaking

সময় বাগৰিলেও সলনি হোৱা নাই দৃশ্যপট! বিধানসভাৰ শৰতকালীন অধিৱেশনত আটাইতকৈ চৰ্চিত আৰু উত্তপ্ত বিষয়টোৱেই হৈছে মিঞাৰ আগ্ৰাসন

0 23

দৈনন্দিন বাৰ্তা ডিজিটেলঃ সময় বাগৰিলেও সলনি হোৱা নাই দৃশ্যপট, মাৰ যোৱা নাই প্ৰতিক্ৰিয়া৷ অসম বিধানসভাৰ শৰতকালীন অধিৱেশনৰ সময়ত এইবেলি আটাইতকৈ বেছি চৰ্চিত আৰু উত্তপ্ত বিষয়টোৱেই হৈছে মিঞাৰ আগ্ৰাসন৷ সদনৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞাৰ আগ্ৰাসন ৰোধ কৰিবই লাগিব বুলি কৰা মন্তব্যৰ পিছতে বিৰোধীয়ে এতিয়া মুখ্যমন্ত্ৰীক সাম্প্ৰদায়িক ৰাজনীতি কৰা বুলি উভতি ধৰিছে৷ এনে সময়তে বৃহস্পতিবাৰে পুনৰ হিন্দু-মুছলমান প্ৰসংগক লৈ পুনৰ উত্তপ্ত হৈ পৰে বিধানসভা ৷ ফলত ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখিবলগীয়া হয়৷ মিঞা সম্প্ৰদায়ৰ লোকৰ পৰা হিন্দু শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তা বিচাৰি বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে বিধানসভাত অধ্যক্ষক আহ্বান জনায় ৷ বিধায়ক দেউৰীয়ে কৰা এই আহ্বানৰ পিছতে সদনৰ মজিয়া উত্তাল হৈ পৰে৷ যাৰ বাবে বিধানসভাৰ অধ্যক্ষই দহ মিনিটৰ বাবে সদন স্থগিত ৰাখে৷ বিধানসভাৰ বাহিৰত সাংবাদিকক সম্বোধন কৰি দেউৰীয়ে কয়– ‘সদনৰ ভিতৰত অতি স্পৰ্শকাতৰ বিষয় উপস্থাপন কৰিছিলো৷ হিন্দু শিক্ষক আৰু শিক্ষয়িত্ৰীসকলৰ মিঞা এলেকাত নিৰাপত্তা নাই ৷

লগতে পঢ়কঃ আন স্থানলৈ স্থানান্তৰিত কৰাৰ দিহা ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যৰ ভিতৰত বাস কৰা সহস্ৰাধিক পৰিয়ালক…

লাহৰীঘাট, মোৰ সমষ্টিত হিন্দু শিক্ষয়িত্ৰীৰ নিৰাপত্তা নাই৷’ তেওঁ কয়– ‘অসমৰ যিবোৰ সংখ্যালঘু এলেকাত যি টে’ট শিক্ষকক নিযুক্তি দিছিল সেই হিন্দু শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তা নোহোৱা হৈছে ৷ মিঞাই তেওঁলোকক টানি লৈ যায়, জোৰ কৰি বিয়া পাতে ৷ প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক এই কথা অৱগত কৰোৱা হৈছিল ৷ হিন্দু শিক্ষয়িত্ৰীক মিঞাই গৰুৰ মাংস খুওৱাৰ চেষ্টা কৰিছিল৷ আজিও হিন্দু শিক্ষয়িত্ৰীৰ নিৰাপত্তা নাই ৷’ বিধায়ক দেউৰীয়ে কয়, ‘এই কথা কোৱাত কংগ্ৰেছ আৰু এআই ইউডিএফৰ বিধায়কৰ মাজত জুই লাগি গৈছে ৷ মিঞা সম্প্ৰদায়ক সাৱধান হোৱাৰ বাবে আহ৩ান জনাইছো৷’ ৰমাকান্তৰ এনে মন্তব্যত জাঙুৰ খাই উঠে বিৰোধী৷

published by: munmi gogoi

Leave A Reply

Your email address will not be published.