Breaking

সম্পূৰ্ণ হিন্দু ধর্মৰ ৰীতি নীতিৰে মুছলিম যুৱতীয়ে গ্ৰহণ কৰিলে হিন্দু ধর্ম

0 21

বিশ্ব হিন্দু পৰিষদ বজৰংগ দল নলবাৰী জিলাৰ নেতৃত্বত সম্পূৰ্ণ হিন্দু ধর্মৰ ৰীতি নীতিৰে মুছলিম যুৱতীয়ে গ্ৰহণ কৰিলে হিন্দু ধর্ম ।

নলবাৰী জিলাৰ ধমধমা পশ্চিম মহিনা গাওঁৰ সমূহ ৰাইজৰ উপস্থিতিত সম্পূৰ্ণ হিন্দু ধর্মৰ নিয়ম অনুসৰি ৰাজহুৱা হোমযজ্ঞ পাতি হোমৰ সাক্ষী কৰি মুছলিম যুৱতী চুফীয়া খাতুনে উক্ত গাঁওৰ যুৱক বিশ্বজিৎ বৈশ্যৰ লগত বিবাহ -পাশত আবদ্ধ হৈ মৌচুমী বৈশ্য নামলৈ হিন্দু ধর্ম গ্ৰহণ কৰে।

এই বিবাহৰ শুভ মুহূৰ্তৰ সময়ত পশ্চিম মহেনা গাঁওৰ সভাপতি বিজয় বৈশ্য সম্পাদক সুৰেন বৈশ্য প্ৰমুখ কৰি গাঁওৰ শতাধিক পুৰুষ মহিলা উপস্থিত থকাৰ লগতে বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ নেতৃত্বত অনুষ্ঠিত হোৱা বিবাহ খনত বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ নলবাৰী জিলা সমিতিৰ সম্পাদক ভাস্কৰ ডেকা, উপ সভাপতি মানস পাটগিৰি, সহ সম্পাদক বিজু দত্ত, বজৰংগ দলৰ জিলা সংযোজক নয়ন তালুকদাৰ, সহ সংযোজক নয়ন বৈশ্য,মুকালমুৱা খণ্ডৰ সম্পাদক অজিত তালুকদাৰ,সংযোজক প্ৰাঞ্জল ডেকা ধমধমা খণ্ডৰ সভাপতি মহেন্দ্ৰ বৈশ্য,সম্পাদক মৃণাল তালুকদাৰ,সহ সম্পাদক অমূল্য নাথ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ধমধমা খণ্ডৰ সেৱা প্ৰমুখ বিশ্বজিৎ কলিতা লগতে কেইবাজনো বিষয় ববীয়া সকল উপষ্টিত থাকি দৰা কইনাক আশীৰ্বাদ প্ৰদান কৰে

Leave A Reply