সাগৰীয় ঘূৰ্ণীবতাহৰ প্ৰকোপত বোকাখাতত শ শ বগলীৰ মৃত্যু,সাংবাদিকৰ প্ৰচেষ্টাত উদ্ধাৰ ৩৪ টা বগলী।

সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাততো সাগৰীয় ঘূৰ্ণীবতাহ ৰেমালৰ তাণ্ডৱ। কালি নিশাৰে পৰা আৰম্ভ হোৱা ৰেমালৰ প্ৰচণ্ড তাণ্ডৱত বোকাখাতৰ বিভিন্ন স্থানত শ শ পশু পক্ষী মৃত্যু মুখত পৰিছে। ৰেমালৰ বিধ্বস্ততাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ যান-জঁট, বিজুলী, চিকিৎসা আদিৰ কামত ব্যস্ত থকাৰ সময়তে এই ভয়ানক ধুমুহা বৰষুণৰ ফলত মানুহৰ বাদে আন জীৱকুলৰ কথা যেন পাহৰি পেলোৱাৰ উপক্ৰম হৈছে। বাতৰিৰ তথ্য সংগ্ৰহ, বাতৰি প্ৰস্তুত, প্ৰেৰণ, পৰিৱেশন আদিৰ কামত ব্যস্ত থকাৰ মাজতে বোকাখাতৰ কেইজনমান সাংবাদিকে দেখুৱালে মমতাৰ নিদৰ্শন।

বোকাখাতৰ ১ নং ৱাৰ্ডৰ মিলনপুৰত এজোপা বাঁহনীত বাহ সাজি থকা শ শ বগলীৰ ধুমুহা বৰষুণত বাহ সমূহ ভাগি যায় আৰু শতাধিক বগলীৰ মৃত্যু হোৱাৰ লগতে তললৈ পৰি যায় বহু সংখ্যক বগলী পোৱালি। এই দুৰ্ঘটনাৰ ফলত অধিকাংশ বগলীৰ মৃত্যু হয় যদিও বোকাখাতৰ সাংবাদিক প্ৰনৱ শইকীয়া, ত্ৰিনয়ন বৰা, ধ্ৰুৱজ্যোতি ৰাজখোৱা, সন্দীপ পানিকা আৰু বিশ্ব দত্তই উদ্ধাৰ কৰি আনে। বোকাখাতৰ পানবাৰীস্থিত বন্যপ্ৰাণী চিকিৎসা আৰু পুনৰ সংস্থাপন কেন্দ্ৰত নিজে বাহনৰ ব্যৱস্থা গ্ৰহণ কৰি ভৰ্তি কৰে।

প্ৰকৃতিপ্ৰেমী লোকে এনে কাৰ্যৰ বাবে তেওঁলোকক শলাগ লৈছে। সাংবাদিক কেইগৰাকীৰ নেতৃত্বত হোৱা এই উদ্ধাৰ কাৰ্যত স্থানীয় কেইগৰাকীমান লোকেও সহায়ৰ হাত আগবঢ়ায়। ধুমুহাৰ ফলতেই বাহৰ পৰা পৰি যোৱা বহু বগলী বাঁহৰ জেঙত ওলমি থকা পৰিলক্ষিত হয়। বহু কণী নষ্ট আৰু পোৱালিৰ মৃত্যু হোৱাত দুখ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

Related Articles