Breaking

সাত মাহত ২৬১ জনক গ্ৰেপ্তাৰ ; ১৯ কোটি টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ

0 18

মালিগাঁও, ৪ আগষ্ট : উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনী ( আৰ পি এফ ) যাত্ৰীবাহী ৰেল , ৰেল ষ্টেচন , ৰেলৱে পৰিসৰত নিষিদ্ধ বা নিচাযুক্ত , চোৰাং সামগ্ৰী সৰবৰাহ হব নোৱাৰে তাৰ প্ৰতি সদা সতৰ্ক দৃষ্টি ৰাখি আহিছে ।

উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে’ই সদৰি কৰা অনুসৰি চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩১ জুলাই পৰ্যন্ত সাত মাহত আৰ পি এফে বিভিন্ন যাত্ৰীবাহী ৰেল , ৰেল ষ্টেচনকে ধৰি ইয়াৰ পৰিসৰত চলোৱা অভিযানত নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ বহুকেইটা ঘটনা ধৰা পেলায় ।

এই অভিযানত ১৯.৭০ কৌটি টকাতকৈ অধিক মূল্যৰ নিষিদ্ধ – চোৰাং সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলে । একেদৰে অভিযানত হাতে – লোটে ২৬১ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দল। আনহাতে বিগত ২০২৩ বৰ্ষত আৰ পি এফে ২৫.৪৩ কোটি টকাৰো অধিক মূল্যৰ নিষিদ্ধ আৰু চোৰাং সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে এই সন্দৰ্ভত ৩৯২ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল।

Leave A Reply

Your email address will not be published.