এগৰাকী মহিলাৰ কাণত সোমাই যায় এডাল সাপ (Snake Getting Firmly Stuck Inside Woman Ear) আৰু সাপডাল ওলাই আহিবয়ে নোখোজে মহিলাগৰাকীৰ কাণৰ ভিতৰৰ পৰা। ঘটনাটোৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে (Social Media Viral Video)। ভিডিঅ’টোত, চিকিৎসকে ৰোগীৰ কাণৰ পৰা সাপডাল ওলিয়াই আনিবলৈ চেষ্টা কৰা দেখা পোৱা গৈছে। হাতত হাতমোজা পিন্ধি চিকিৎসকে কিছুমান সঁজুলিৰ সহায়ত সাপডাল ওলিয়াই আনিবলৈ চেষ্টা কৰি আছে, কিন্তু বিফল হয়।
ভিডিঅ’টোত দেখা গৈছে যে চিকিৎসকে সাপডাল ওলিয়াবলৈ যথেষ্ট চেষ্টা কৰে। ইয়াৰ বাবে তেওঁ প্ৰায় বিভিন্নধৰণৰ কৌশল গ্ৰহণ কৰে। কিন্তু, সাপডাল মহিলাগৰাকীৰ কাণৰ পৰা ওলাই অহাৰ নামে নলয়। ভয় এই কথাটোক লৈও থাকে যে সাপডাল যাতে সম্পূৰ্ণৰূপে কাণৰ ভিতৰলৈ সোমাই নাযায়।
ঘটনাটো কেতিয়া সংঘটিত হৈছিল আৰু ক’ত সংঘটিত হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।