সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সফল সামৰণি

সোণাপুৰ : ABSURD FLOK আৰু আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যেগত সোণাপুৰ শাখা ছাত্ৰৰ সহযোগত যোৱা ২ জুলাই তাৰিখৰ পৰা ১৫ জুলাই তাৰিখলৈ ১৩ দিনিয়া কাৰ্য্য সূচীৰে সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰীষ্মকালীন নাট কৰ্মশালা অনুষ্ঠিত হৈ যায় ।

নাট কৰ্মশালাত অংশগ্ৰহণৰ উদ্দেশ্যে সোণাপুৰৰ বিভিন্ন অঞ্চলৰ পৰা অহা ছাত্ৰ ছাত্ৰী সকলক অসমীয়া চলচ্চিত্ৰ জগতৰ তথা বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা সীমা বৰুৱা(তৰামাই ) আৰু বিশিষ্ট লেখক , পৰিচালক (ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ছিকিম ) ধীৰাজ বড়ো , বিনোদ ৰাভাই নাটক অভিনয় সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰে । উদ্যোগতা সকলে প্ৰশিক্ষিত ছাত্ৰ ছাত্ৰী সকলক লগত লৈ শেষৰ দিনা অৰ্থাৎ ১৫ জুলাই তাৰিখে প্ৰশিক্ষণ প্ৰদানৰ সফল সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰে ।

সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষিত ছাত্ৰ ছাত্ৰী সকলে ” The Walking Birds খোজ কঢ়া চৰাই ” নামৰ প্ৰথম খণ্ড নাটক প্ৰদৰ্শন কৰে । প্ৰশিক্ষিত ছাত্ৰ ছাত্ৰী সকলে নিজৰ অভিভাৱক সকলৰ লগতে নাট্য প্ৰেমী সোণাপুৰ বাসী ৰাইজৰ সন্মুখত সুন্দৰ কলা কৌশল তথা অভিনয় প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হৈছে ।

উদ্যোগতা সকলে জানিবলৈ দিয়া মতে অনাগত দিনবোৰত প্ৰশিক্ষিত ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা মঞ্চস্থ কৰা নাটক খন অসমৰ বিভিন্ন স্থানত মঞ্চস্থ কৰা হব । এই খিনিতে উল্লেখ কৰা প্ৰয়োজন সামৰণি অনুষ্ঠানৰ কাৰ্যসূচীৰ মাজত এখনি মানপত্ৰ বিতৰণ সভাও অনুষ্ঠিত হয় । সভাত উপস্থিত থাকে আন্ত ডিমৰীয়া ছাত্র সন্থাৰ সভাপতি ভাৰ্গৱজ্যোতি গোস্বামী সাধাৰণ সম্পাদক জিঙ্কুল ডেকা উপ সভাপতি ৰিঙ্কু দাস , সাংস্কৃতিক সম্পাদিকা হিমনী প্ৰমুখ্যে বহু বিষয়ববিয়া ।

Related Articles