Breaking

সৰগম সংগীত বিদ্যালয়ৰ ২১তম প্ৰতিষ্ঠা দিৱস উদযাপন

0 205

যোৱা ২১ আগষ্ট তাৰিখে জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত অৱস্থিত সৰগম সঙ্গীত বিদ্যালয়ৰ ২১তম প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাতিপুৱা ৮ বজাত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সভাপতি ড° অৰূপ কুমাৰ শৰ্মাই। আবেলি ৪:৪৫ বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক,বিশিষ্ট কবি ৰাজীৱ বৰুৱা, বিশিষ্ট কবি, গীতিকাৰ কৃতি কমল ভূঞা, সত্ৰীয়া নৃত্যৰ জ্যেষ্ঠ গুৰু গোবিন্দ শইকীয়া আৰু আমন্ত্ৰিত অতিথি হিচাপে জ্যেষ্ঠ সাংবাদিক অতুল দত্ত আৰু উত্তৰ পুৰুষ মঞ্চৰ মুখ্য সম্পাদক তথা বিশিষ্ট নিবন্ধকাৰ ,কবি দিবাকৰ ৰেণুৱে। প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সম্পাদক ড°শুভ্ৰজ্যোতি বৰদলৈৰ আদৰণি ভাষনেৰে আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰাম্ভ কৰে ড°অৰূপ কুমাৰ শৰ্মাৰ কথা প্ৰশান্ত কুমাৰ চৌধুৰীৰ সুৰেৰে সজোৱা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিবেশন কৰা গীত এটিৰে সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে সমবেত শাস্ত্ৰীয় সংগীত,তবলা বাদন, সত্ৰীয়া নৃত্য ক্ৰমে মাটি আখৰা, ঝুমুৰা,গোপী নাচ আৰু দশাৱতাৰ নৃত্য পৰিবেশন কৰি ৰাইজক আপ্লুত কৰে। সাংস্কৃতিক ক্ষেত্ৰখনলৈ অবদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক আনুষ্ঠানিকভাৱে সন্মান জনোৱাৰ উদ্দেশ্যেৰে সৰগমে প্ৰতি বছৰে একোগৰাকীৰ বিশিষ্ট শিল্পীৰ জীৱনালেখ্য পৰিবেশন কৰি আহিছে।এইবছৰো সংগীত পৰিচালক অনুপম চৌধুৰীৰ জীৱন ভিত্তিত ড°অৰূপ কুমাৰ শৰ্মাই ৰচনা কৰা সংগীতালেখ্য “সংগীত সাধক অনুপম চৌধুৰী” শীৰ্ষক আলেখ্যখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰে। অনুপম চৌধুৰীৰ উপস্থিতত উমেশ নাথৰ সংগীত ব্যৱস্থাপনা,ৰাকেশ বড়োৰ নৃত্য পৰিচালনা আৰু ৰুবুল কলিতাৰ তত্ত্বাৱধানত ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা আলেখ্য খনিয়ে অনুপম চৌধুৰীৰ লগতে উপস্থিত দৰ্শকক আবেগিক কৰি তোলে।
অনুষ্ঠানত গুৰু আৰু শিষ্যৰ দ্বাৰা সুৰ সমলয় আৰু অভিভাৱকসকলৰ দ্বাৰা সমবেত সংগীত পৰিবেশন কৰা হয়।উক্ত অনুষ্ঠানতে বিশিষ্ট সংগীত সাধক, সুৰকাৰ মনজিৎ হাজৰিকাক আনুষ্ঠানিকভাৱে সন্মান জনোৱা হয়। লগতে GoGoI ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰা শিল্পী যতীন্দ্ৰ খনিকৰকো অভিনন্দন জনোৱা হয়। বিগত বৰ্ষত অনুষ্ঠিত কৰা বিভিন্ন সংগীত প্ৰতিযোগিতা তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাৰদৰ্শিতা দেখুওৱা ছাত্ৰ ছাত্ৰী সকলকো পুৰষ্কৃত কৰা হয়।অন্তত সৰগম সংগীত বিদ্যালয়ৰ সঞ্চালক তথা সমাজ সেৱক নিৰেন চন্দ্ৰ বৈশ্যই শলাগৰ শৰাই আগবঢ়ায়।

Leave A Reply

Your email address will not be published.