Breaking

হাজোৰ দামপুৰত সাধৰণ এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰামদিয়াৰ এজন যুবকক মৰিয়াই মৰিয়াই হত্যা এদল পাষণ্ডৰ

0 31

দৈনন্দিন বাৰ্তাৰ সেৱা;হাজো,২৭ জুনঃ জানিব পৰা অনুসৰি সোমবাৰে নিশা প্ৰায় ৮ মান বজাত হাজোৰ দামপুৰ সানপাৰাত বংশৰ দিশৰ পৰা আহি থকা এখন দুচকীয়া বাহনে দামপুৰৰ সানপাৰা ৰাজঘাটত সমূখৰ পৰা অহা আন এখন বাহনৰ পোহৰ পৰাত বাইক আৰোহী যুবক দুজন পৰি গৈ ৰাস্তাৰে যোৱা এজন মানুহৰ গাত অলপ লগাত বাইক আৰোহী যুৱক দুজনক দামপুৰৰ সানপাৰাৰ এদল উদণ্ড পাষণ্ডই মৰিয়াই মৰিয়াই আঘাতপ্ৰাপ্ত কৰি হাজো থানালৈ লৈ আহে যদিওঁ আঘাত গুৰুত্বৰ হোৱাত GMCH লৈ প্ৰেৰণ কৰা হয় যুবকদুজনক ।

GMCH ‘ত চিকিৎসাধীন অৱস্থাত বুধবাৰে গৌতম ডেকাৰ মৃত্যু হ’য় । আৰু আহত আনজন যুবক প্ৰসান্ন ভৰালীয়ে চিকিৎসাধীন অৱস্থাত থকা বুলি বৰ্তমান পৰ্যন্ত জানিব পৰা গৈছে।আনফালে আজি বৃহস্পতিবাৰে ঘটনাক কেন্দ্ৰ কৰি মৃত যুবকজনৰ পৰিয়াল তথা গাওঁবাসীয়ে হাজো থানাত ন্যায় বিছাৰি অহা পৰিলক্ষিত হৈছে।মৃত যুবকজন ৰামদিয়া বঙালটোলাৰ গৌতম ডেকা বুলি জানিব পৰা গৈছে।এতিয়া প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত কোন দিশত আজিৰ মানৱতা ? সাধৰণ কথাক কেন্দ্ৰ কৰি এজন যুবকক মৰিয়াই মৰিয়াই হত্যা কৰাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।ঘটনাক কেন্দ্ৰ কৰি হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে।

Leave A Reply