Breaking

হেলিকপ্টাৰ যোগে লাউচৰ আম্বানী খ্যাত হাবিব মহম্মদ চৌধুৰীৰ পাঠিমাৰী-খোলাবান্ধাত সজাগতা সভা

0 2,094

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত পাঠিমাৰী-খোলাবান্ধা চৰাঞ্চলত সোমবাৰে হেলিকপ্টাৰ যোগে আহি সংখ্যালঘু জনগনৰ সৰ্বাংগীণ উন্নয়ণৰ লগতে যেন নিৰ্বাচনৰ আগতীয়া বতৰা দি গল লাউচৰ আম্বানী খ্যাত হাবিব মহম্মদ চৌধুৰীয়ে। দৰিদ্ৰতাৰে সংগ্ৰাম কৰি কেনেকৈ হোজাইৰ পৰা গৈ লাউচৰ এগৰাকী আগশাৰীৰ উদ্যোগপতি হল তাৰ বৰ্ণনা দিয়াৰ লগতে কৌশলপূৰ্ণ ভাৱে ৰাজনীতিৰ বহু কথাই উল্লেখ কৰিলে হাবিব মহম্মদ চৌধুৰীয়ে। এম ডি এছ ডব্লিউ আৰু জে এফ ফাউণ্ডেচনৰ জৰিয়তে সংখ্যালঘু লোকক শৈক্ষিক ক্ষেত্ৰত আগুৱাই নিয়াৰ সংকল্পৰে ৰাইজৰ কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে চৌধুৰীয়ে। স্বাধীনতাৰ ৭৫ বছৰ পিছতো সংখ্যালঘু মুছলমান লোক সকল আৰ্থ-সানাজিক, শৈক্ষিক দিশত তেনেই পিছ পৰি থকাত আক্ষেপ প্ৰকাশ কৰি ইয়াৰ উত্তৰণ নঘটিলে মুছলমান সকলৰ পৰিত্ৰাণ নাই বুলিও উল্লেখ কৰে। বিগত দিন সমুহত মুছলমান লোক সকলক ভয় ভাবুকি দি একাংশ লোকে ৰাজনৈতিক মুনাফা আদায় কৰি অহা বুলিও তাৎপৰ্যপূৰ্ণ মন্তৱ্য প্ৰকাশ কৰে চৌধুৰীয়ে। ৰাজনীতিৰ নামত একাংশ আলিম-উলেমাই মুছলমান লোকক প্ৰতাৰণা কৰাৰ বাবেও দীৰ্ঘদিনে তেওঁলোকৰ সমস্যা আজিও সমস্যা হৈয়েই থাকিল। চৰাঞ্চলৰ আধাতে স্কুল এৰা এক হাজাৰ ল’ৰা ছোৱালীক বিনামূলীয়াকৈ স্কিল ডেভলপমেন্টৰ জৰিয়তে প্ৰশিক্ষণ দিব বুলি ৰাজহুৱা সভা খনত  ঘোষণা কৰে হাবিব মহম্মদে। শেষতীয়াকৈ প্ৰস্তুত হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৌধুৰীয়ে কয়, ৭০ বছৰে শুদ্ধ এন আৰ চি নোপোৱাটো আমাৰ বাবে দুৰ্ভাগ্যজনক। ইপিনে লাউচৰ প্ৰখ্যাত উদ্যোগপতি হাবিব মহম্মদ চৌধুৰীৰ এনে সভাৰ আঁৰত ৰাজনৈতিক স্বাৰ্থ সন্নিবিষ্ট থকাৰ অভিযোগ কৰিছে একাংশ লোকে। ২১ ৰ বিধান সভা নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘূ লোকৰ ভোট বিভাজন ঘটোৱাই এনে সভাৰ মূল উদ্দেশ্য বুলিও কব খোজে এচামে। সি যিকিনহওঁক বৰপেটাৰ খোলাবান্ধাচৰত হাবিব মহম্মদৰ চৌধুৰীৰ হেলিকপ্টাৰ চফৰে বহু কথাৰ ইংগীত দি থৈ গল।সভাত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলফাজ উদ্দিন আহমেদ,পাঠীমাৰী খোলাবান্ধা জনপ্ৰিয় বজাৰ পৰিচালনা সমিতিৰ সভাপতি মোজাম্মেল হক, অৱসৰপ্ৰাপ্ত শিক্ষক আ:মান্নান এছাহক আলী, সাংবাদিক মেদিনী গগৈ প্ৰমূখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে । সভাত কেইবা সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.