১০০ বছৰতকৈ (100 Years) অধিক কাল জীয়াই থাকিব মানুহঃ পোহৰলৈ আহিছে বাবা ভাঙ্গাৰ(Baba Vanga) নতুন  ভৱিষ্যতবাণী :

এগৰাকী অন্ধ মহিলা। অন্ধ মহিলাগৰাকীয়ে কৰা ভৱিষ্যতবাণী সমূহে এতিয়া বিশ্বত খলকনি তুলিছে। কাৰণ মহিলাগৰাকীয়ে কৰা প্ৰায় প্ৰতিটো ভৱিষ্যতবাণীয়েই মিলিছে। তেওঁ কৰা আন এটা ভৱিষ্যতবাণী  পোহৰলৈ আহিছে। তেওঁৰ ভৱিষ্যতবাণী অনুসৰি ২০৪৬ চনৰ ভিতৰত মানুহে ১০০ বছৰৰো অধিক আয়ুস লাভ কৰিব।

১১১ বছৰ আগতে বুলগেৰিয়াত জন্ম গ্ৰহণ কৰা বাবা ভাঙ্গা নামৰ এগৰাকী মহিলাৰ বহুতো ভৱিষ্যতবাণী সঁচা হৈছে। বাবা ভাঙ্গাই ১২ বছৰ বয়সত ধুমুহাৰ ফলত দৃষ্টিশক্তি হেৰুৱাইছিল, কিন্তু আজিও, বাবা ভাঙ্গা তেওঁৰ ভৱিষ্যতবাণীৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত।  তেওঁৰ মৃত্যুৰ আগতে, বাবা ভাঙ্গাই ২০২২ আৰু তাৰ পিছৰ বছৰটোৰ বাবে বহুতো গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণী কৰিছিল। বাবা ভাঙ্গাৰ ভৱিষ্যতবাণী অনুসৰি,২০২২ চনত ভাৰতত ফৰিঙৰ  আক্ৰমণ হ’ব পাৰে। ইয়াৰ উপৰিও, দুৰ্ভিক্ষৰ দৰে সমস্যাও আহিব পাৰে। বাবা ভাঙ্গাই ভৱিষ্যতবাণী কৰিছিল যে পৃথিৱীয়ে ২০২৩ চনত ইয়াৰ কক্ষপথ সলনি কৰিব। ইয়াৰ উপৰিও, মহাকাশচাৰীসকলে ২০২৮ চনত শুক্ৰ গ্ৰহ ভ্ৰমণ কৰিব। বাবা ভাঙ্গাৰ ভৱিষ্যতবাণী অনুসৰি, ২০৪৬ চনত, মানুহে অংগ সংৰোপণৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিব আৰু মানুহে ইয়াৰ সহায়ত ১০০ বছৰতকৈ অধিক কাল জীয়াই থাকিব পাৰিব। বাবা ভাঙ্গাৰ ভৱিষ্যতবাণী অনুসৰি, ২১০০ চনত পৃথিৱীত কোনো নিশা নাথাকিব। পৃথিৱীখন কৃত্ৰিম সূৰ্যৰ পোহৰৰ দ্বাৰা আলোকিত হ’ব। বাবা ভাঙ্গাই পৃথিৱী ধ্বংসৰো  ভৱিষ্যতবাণী কৰিছিল। বাবা ভাঙ্গাৰ মতে, পৃথিৱীখন ৫০৭৯  চনত ধ্বংস হ’ব। বাবাৰ দুটা ভৱিষ্যতবাণী ২০২২ বৰ্ষত সঁচা হৈছে। বাবা ভাঙ্গাই এছিয়া আৰু অষ্ট্ৰেলিয়াৰ কিছু অংশত বানপানীৰ ভৱিষ্যতবাণী কৰিছিল, যিবোৰ সঁচা হৈছে। অষ্ট্ৰেলিয়া, উত্তৰ-পূব ভাৰত, বাংলাদেশ আৰু থাইলেণ্ডত বানপানীৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। ইয়াৰ উপৰিও, পাকিস্তানত বানপানীৰ প্ৰলয় অব্যাহত আছে। বাবা ভাঙ্গাই ইউৰোপত খৰাং সমস্যাৰ ভৱিষ্যতবাণী কৰিছিল। এই বছৰ ইউৰোপৰ পৰ্তুগালত চৰকাৰে ইয়াৰ নাগৰিকসকলক পানীৰ ব্যৱহাৰ সীমিত কৰিবলৈ কৈছে। ইয়াৰ উপৰিও, ইটালীতো পানীৰ অভাৱ দেখা গৈছিল। ইটালীয়ে বৰ্তমান ১৯৫০ ৰ দশকৰ পিছত এইবাৰেই আটাইতকৈ গুৰুতৰ খৰাং সমস্যাৰ সন্মুখীন হৈছে।

Related Articles