Breaking

১৪ আগষ্টত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্ত্তি

0 21

হাজো, ৮ আগষ্ট — অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী তথা প্ৰথম অসমীয়া ৰাজ্যপাল লৌহমানৱ বিষ্ণুৰাম মেধিৰ হাজো ভৰালীটোলাস্থিত নিজ বাসভৱন শিশু কল্যাণ ভৱনত বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্ত্তি উন্মোচনক লৈ আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি। অহা ১৪ আগষ্ট তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লৌহ মানৱ বিষ্ণুৰাম মেধিৰ সাত ফুট উচ্চতাৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰিব ।

ভৰালীটোলাস্থিত শিশু কল্যাণ ভৱনত নিৰ্মাণ সমিতিৰ সভাপতি ডাঃ সোণ চন্দ্ৰ মালাকৰৰ সভাপতিত্বত দিনৰ ১১ বজাত অনুষ্ঠিত প্ৰস্তুতি সভাত হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, যুৱ নেতা প্ৰকাশ দাস, প্ৰাক্তন প্ৰশাসনিক বিষয়া বিবেকানন্দ চৌধুৰী, থানেশ্বৰ মালাকৰৰ লগতে হাজোৰ ভিন্ন ক্ষেত্ৰৰ লগত জড়িত শতাধিক লোক উপস্থিত থাকে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লৌহমানৱ বিষ্ণুৰাম মেধিৰ নিৰ্মীয়মান প্ৰতিমূৰ্ত্তি উন্মোচনী কাৰ্যসূচীক লৈ হাজোৰ স্থানীয় ৰাইজ উৎসাহিত হৈ পৰা দেখা গৈছে।

Leave A Reply

Your email address will not be published.