Breaking

১৭৫ চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপন

0 19

আজাৰা: ১৬ আগষ্ট : কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী ( চি আৰ পি এফ ) ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত ১৫ আগষ্টত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । পুৱা বিষয়া – জোৱানৰ অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই । ভাষণ প্ৰসংগত ৰাজীৱ কুমাৰ ঝাই বাহিনীটোৰ বিষয়া – জোৱান সকলে বিভিন্ন প্ৰতিকুল পৰিস্থিতিৰ মাজতো নিজৰ জীৱনক তুচ্ছ কৰিও দেশমাতৃক সুৰক্ষা দি অহা কথাটোৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ।

অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বাহিনীটোৰ ছেকেণ্ড – ইন – কমাণ্ড মুকুণ্ড মোহন আৰু অমৃত সিনহা, ডেপুটী কমাডেণ্ট ৰবি কুমাৰ শ্ৰীবাস্তৱ, সহকাৰী কমাডেণ্ট এছ জেকচন সিং আৰু জে পি কুমাৰ , চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰকে ধৰি কেবাজনো বিষয়া , জোৱান উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.