Breaking

২৮ টা পানী যোগান প্ৰকল্প দ্বাৰ উদঘাটন মন্ত্ৰী ডা: ৰণোজ পেগুৰ

0 15

দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ, ৭  আগষ্ট:  অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডলৰ আন্তৰ্গত ধেমাজি জিলাৰ গোগামুখত আজি ২৮  টা জল জীৱন মিছন আঁচনিৰ প্ৰকল্প দ্বাৰ উদ্‌ঘাটন  কৰি শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে । ধেমাজি জিলাৰ গোগামুখৰ ২ নং দিৰপাইত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ডাঃ পেগুৱে একলগে  আটাইকেইখন  পানী যোগান যোগান প্ৰকল্পৰ আঁচনিসমূহৰ  কৰি দ্বাৰ উদ্‌ঘাটন কৰে। 

ইয়াৰ সমান্তৰালভাৱে সোৱণশিৰি নদীক সংযোগ কৰি নিৰ্মাণ কৰা  ২১ কোটি টকাা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা  সোণালী সোৱণশিৰি পানী যোগান প্ৰকল্পও আজি মুকলি কৰে।  মুঠ ২৮ টা প্ৰকল্পত প্ৰায় ৩৮ কোটি টকা ব্যয় কৰা হৈছে আৰু ইয়াৰ পৰা শ শ লোকৰ বাবে  পানী সহজলভ্য হৈ পৰিব ৷  প্ৰকল্প সমূহ উদ্‌ঘাটন‌ কৰি  শিক্ষামন্ত্ৰী তথা ভৈয়াম জনজাতি উন্নয়ন‌ দপ্তৰৰ মন্ত্ৰী ডা: ৰণোজ পেগুৱে কয়- প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অন্যতম সপোনৰ প্ৰকল্প হৈছে ‘জল জীৱন মিছন’ আঁচনি । পাইপ যোগে প্ৰত্যেক ঘৰত জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান ধৰিব বিশুদ্ধ আৰু জনসাধাৰণে বিশুদ্ধ খোৱাপানী লাভ কৰিব ৷  বৰ্তমান‌ সমগ্ৰ ৰাজ্যখনৰ লগতে ধেমাজি জিলাটো  সম্পূৰ্ণ হৈ উঠিছে  পানী যোগান‌ প্ৰকল্প সমূহ । এই প্ৰকল্পৰ যোগেদি প্ৰতিটো পৰিয়ালে  বিশুদ্ধ খোৱাপানী লাভ কৰিব । কিন্তু ইয়াক তদাৰকৰ দায়িত্ব প্ৰত্যেকজন মানুহ তথা পৰিয়ালৰ বুলি তেওঁ মন্তব্য দিয়ে  । আজি শুভাৰম্ভ কৰা ২৮ টা প্ৰকল্পৰ পৰা  প্ৰায় ৪৯০০ টা পৰিয়ালে পাব পাইপৰ জৰিয়তে পানী ৷ পানী লাভ কৰিবৰ বাবে একোখনকৈ কমিটি গঠন কৰি দিয়া হৈছে ৷

এই কমিটিবোৰে চৰকাৰে নিৰ্বাচন কৰি দিয়া জলমিত্ৰৰ লগত আলোচনা কৰি পানী যোগান প্ৰকল্পসমূহ পৰিচালনা কৰিব লাগিব বুলিও শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় ৷  একেদৰে দিৰপাস্থিত সোণালী সোৱণশিৰি প্ৰকল্প মুকলি কৰি ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা গমুগ পেগুৱে কয়- বৰ্তমান গোগামুখত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আটাইতকৈ পানী যোগান প্ৰকল্প  সুক্ষ্মভাৱে পৰিচালিত হ’বলৈ আৰম্ভ হৈছে ৷ সোণালী সোৱণশিৰি পানীযোগান প্ৰকল্পৰ জনসাধাৰণ আটাইতকৈ বেছি লাভান্বিত হৈছে ৷  সোৱণশিৰি নৈৰ লগত সংযোগ কৰি সোণালী সোৱণশিৰিি পানী য়োগান প্ৰকল্প নিৰ্মাণ কৰা হৈছে আৰু সোৱণশিৰি নদীৰ বোৱতী পানীক বিশুদ্ধ কৰণ কৰি বিজ্ঞান সন্মতভাৱে  জনসাধাৰণক পানী যোগান ধৰা হৈছে আৰু সোৱণশিৰি নদীৰ পানীক বিশুদ্ধকৰণ কৰি জনসাধাৰণক যোগান দিব পৰাটো অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এক বৃহৎ সফলতা বুলিও গমুগ পেগুৱে দোহাৰে । 

এই প্ৰকল্পটোৰ পৰ বৰ্তমান তিনিটা খণ্ড ক্ৰমে, কৈলাশপুৰত  দুই লাখ লিটাৰ, বেতবাৰীত ডেৰ লাখ লিটাৰ আৰু গড়পৰালৈ ডেৰ লাখ লিটাৰ বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ আৰম্ভ কৰা বুলি সদৰি কৰে কাৰ্যবাহী অভিযন্তা পেগুৱে কয় যে, প্ৰকল্পসমূহৰ সমস্যা থাকিলে পোনপটীয়াকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক অৱগত কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায় । আজি মুকলি কৰা অন্যান্য ২৬ টা প্ৰকল্প  হৈছে‌ ক্ৰমে, মিংমাং লুটুকীজীন, নলবাৰী ৰাভা চুবুৰী, নলাতল, মাহতলী, দেওডুবি কৈৱৰ্ত, লাগাছু কাংকান নগৰ, ওখমাটি বিজয়পুৰ, চেঙেলীসুঁতি, পাৰ্বতীপুৰ, চেলাজান কছাৰী, চগুম, ২ নং কদমগুৰি, কৌপাতনী, কচুতলি সোণাপুৰ, ওপৰ খূড়াচোক, গৰৈমাৰী অসমীয়া, লক্ষীপথাৰ, নিউ বালিজান,চুতীয়াকাৰী, গৰুবন্ধা, লক্ষীপথাৰ, ২ নং শালমাৰী, বেতনিহুলা ৰতুৱা, বৰভূঞা, দীপা পাৰঘাট, ২ নং শালমাৰী এম ভি, লতাক গাঁও, ৰংপুৰীয়া  আদি ৷ আজিৰ অনুষ্ঠানত উপস্থিত থাকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডলৰ সহকাৰী অভিযন্তা পাৰ্থপ্ৰতীম দেউৰী, কনিষ্ঠ অভিয়ন্তা অংশুমান বৰুৱা,  টেক্‌নিকেল বিভাগৰ তপস চৌধুৰী, প্ৰিয়ংকা দলে, পলীতা দেউৰী আৰু আহমেদ ফাৰুক হুছেইনৰ লগতে বিজেপি নেতা-কৰ্মীসকলে ৷

Leave A Reply

Your email address will not be published.