৪৪ হাজাৰ হ’লগৈ গাজাত মৃত্যুৰ সংখ্যা

এই তথ্য বৃহস্পতিবাৰে (২১ নৱেম্বৰ) গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত দিছে।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি ইজৰাইলী বাহিনীৰ আক্ৰমণ আৰম্ভ হোৱাৰ পৰা গাজাত ৪৪ হাজাৰ ৫৬ জন লোক নিহত হোৱাৰ লগতে ১ লাখ ৪ হাজাৰ ২৬৮ জন লোক আহত হৈছে। ইয়াৰে বুধবাৰৰ পৰা বৃহস্পতিবাৰলৈ ২৪ ঘণ্টাৰ ভিতৰত ৭১জন লোক নিহত হোৱাৰ লগতে ১৭৬জন আহত হয়।

কিন্তু প্ৰকৃততে মৃত্যুৰ সংখ্যা অধিক হ’ব পাৰে, কিয়নো বহু মৃতদেহ ধ্বংসাৱশেষৰ তলত পুত গৈ আছে আৰু উদ্ধাৰ কৰিব পৰা হোৱা নাই।

ইয়াৰ পূৰ্বে ২০২৩ চনত হামাছৰ যোদ্ধাসকলে ইজৰাইলৰ ভূখণ্ডত আক্ৰমণ চলাই ১২০০ জন লোকক হত্যা কৰাৰ লগতে ২৪২ জন লোকক পণবন্দী কৰি লৈছিল। ইয়াৰ পিছত ইজৰাইলৰ বাহিনীয়ে গাজাত আক্ৰমণ আৰম্ভ কৰে, যিটো এতিয়াও অব্যাহত আছে।

ৰাষ্ট্ৰসংঘকে ধৰি আন্তঃৰাষ্ট্ৰীয় সমাজে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক গাজাত সামৰিক অভিযানৰ অন্ত পেলাবলৈ আহ্বান জনাইছিল যদিও হামাছক দুৰ্বল আৰু অকাৰ্যকৰী নোহোৱালৈকে আৰু পণবন্দীসকলক মুকলি কৰি নিদিয়ালৈকে এই অভিযান অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে।

Related Articles