Breaking

ৰহাৰ দী,কে, হাইস্কুলত প্ৰয়াত পূৰ্ণকান্ত নাথ শৈক্ষিক বঁটা প্ৰদান

0 32

তিনিগৰাকী ছাত্ৰ- ছাত্ৰীলৈ আগবঢ়ালে এই বঁটা।

সৰু সৰু মানুহৰ একোটাহত কামেই কেতিয়াবা সমাজৰ মংগল সাধন কৰে – ডঃ নিৰলা দেৱী

ৰহাৰ দীঘলদৰি কাকতি গাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি প্ৰয়াত পূৰ্ণকান্ত নাথ সোঁৱৰণী শৈক্ষিক বঁটা তিনিগৰাকী ছাত্ৰ- ছাত্ৰীক প্ৰদান কৰা হয় । ১৯৬৬ চনত গ্ৰাম্য অঞ্চলত শিক্ষাৰ ভেটি গঢ়িবলৈ চেষ্টা কৰা বিদ্যালয় খনৰ প্ৰতিষ্ঠাকালৰ এগৰাকী সম্পাদক পূৰ্ণকান্ত নাথ সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠানটোত সভাপতিত্ব কৰে বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা ৰহাৰ জেষ্ঠ সাংবাদিক বুলন চন্দ্ৰ নাথে। প্ৰধান শিক্ষক হেমকান্ত শইকীয়াই উদেশ্য ব্যাখ্যা কৰা সভাত এইবাৰ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন সহ উৰ্ত্তীণ হোৱা গৌতম নাথ(৯০.৩৩ শতাংশ), ষ্টাৰ সহ উৰ্ত্তীণ হোৱা নয়না শৰ্মা ( ৭৮.৮৩ শতাংশ) আৰু নিলাক্ষী হাজৰিকা (৭৫.৩৩ শতাংশ)ক গামোচা, মানপত্ৰ, কিতাপৰ টোপোলা আৰু নগদ ধনৰ টোপোলা প্ৰদান কৰি বঁটা প্ৰদান কৰে । এই তিনিগৰাকী ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰে প্ৰয়াত পূৰ্ণকান্ত নাথৰ পৰিয়ালৰ হৈ ভটিজা ভদ্ৰকান্ত নাথ, ভটিজা বোৱাৰী প্ৰনতি দেৱী, বৰ জীয়ৰী ডঃ নিৰলা দেৱী আৰু ভাগিন তথা প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী প্ৰতিমা দেৱীয়ে । বিশিষ্ট কবি তথা প্ৰয়াত পূৰ্ণকান্ত নাথৰ বৰ জোঁৱাই প্ৰেম নাৰায়ণ নাথ , ভটিজী জ্যোৎস্না দেৱীয়ে অংশগ্ৰহণ কৰা বঁটা প্ৰদান অনুষ্ঠানটিত প্ৰয়াত পূৰ্ণকান্ত নাথৰ বিষয়ে বক্তব্য প্ৰদান কৰি তেখেতৰ বৰজীয়ৰী তথা ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষা ডঃ নিৰলা দেৱীয়ে বিদ্যালয় খনৰ প্ৰতিষ্ঠা কালৰ চমু আভাষ দাঙি ধৰি কয়”- সৰু সৰু মানুহৰ একোটাহত কামেই কেতিয়াবা সমাজৰ মংগল সাধন কৰে । সেই কথাৰ প্ৰমান দীঘলদৰি কাকতি গাওঁ হাইস্কুল। একালৰ এচাম লোকৰ যত্ন আৰু চেষ্টাৰে গঢ় লোৱা বিদ্যালয় খনৰ বৰ্তমানৰ ৰূপ দেখি সঁচাকৈ ভাল লাগে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক উদেশ্য কৰি নিৰলা দেৱীয়ে পুনৰ কয় -‘ এসময়ত নিজে পঢ়া বিদ্যালয় খনত উপস্থিত থাকি সঁচাকৈয়ে ভাল লাগিছে। আমি পঢ়া বিদ্যালয়ৰ সেই ৰূপ নাই ।আমি কেৱল পঢ়িছিলোঁ।

কিতাপৰ পাঠেই একমাত্ৰ সাৰথি আছিল কিন্তু আজি কালি ছাত্ৰ ছাত্ৰীৰ কিতাপৰ লগতে ম’বাইল ফোন দৰকাৰী হৈছে । ছাত্ৰ-ছাত্ৰীয়ে ম’বাইল ভাল কামত ব্যৱহাৰ কৰিলে আধুনিক প্ৰযুক্তিয়ে সহায় কৰে , কিন্তু সকলো কথা বা বিষয় ম’বাইলৰ পৰা আহৰণ কৰি পঢ়িলে ঠগ খোৱাৰ ভয় আছে ।সেয়ে ম’বাইলৰ তথ্য আৰু কিতাপৰ তথ্য মিলাই অধ্যয়ণ কৰিলে ভাল ফলাফল আশা কৰিব পাৰি। সভাত বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ-সভাপতি ৰজনী কুমাৰ নাথকে ধৰি পৰিচালনা সমিতিৰ সদস্য বৃন্দ, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ- ছাত্ৰী আৰু একাংশ অভিভাৱকে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে বিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ পৰা এইবছৰেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত বেছি ভাল ফলাফল দেখুৱাইছে ছাত্ৰ যাত্ৰীয়ে। এজন ডিষ্টিংচন,দুজন ষ্টাৰ সহ ১৯ গৰাকীয়ে প্ৰথম বিভাগত, আৰু ২২ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। উৰ্ত্তীণৰ হাৰ ৯৫.৩৫ শতাংশ।

Leave A Reply

Your email address will not be published.