ৰহাৰ শোভাংগী ডেকাই এ পি এচ চিৰ বিও বিভাগৰ পৰীক্ষাত সফলতা

৮১ স্থান দখল, ফুলগুৰিত ৰাইজৰ আনন্দ

অসম লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত বিত্ত বিভাগৰ পৰীক্ষাত উজ্বলিল ৰহাৰ ফুলগুৰিৰ শোভাংগী ডেকা।
APSC ৰ দ্বাৰা অনুষ্ঠিত Financial Management Officer Grade II পৰীক্ষাত শোভাংগীয়ে ৮১ নম্বৰ স্থান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ফুলগুৰিৰ দিলীপ কুমাৰ ডেকা আৰু মীনা ডেকাৰ কন্যা শোভাংগীয়ে বৰ্তমান নগাঁও বাণিজ্য মহাবিদ্যালয়ত অস্থায়ীভাৱে শিক্ষকতা কৰি আছে।

মধ্যবিত্ত পৰিয়ালটোৰ সন্তান শোভাংগীৰ এই সফলতাই পৰিয়ালটোলৈ আনন্দ অশ্ৰু বোৱাই আনিছে আৰু বিভিন্ন জনে শোভাংগীক জনাইছে শুভেচ্ছা। এই বাৰ্তা পোৱাৰ পাছতে পৰিয়ালটোত আনন্দৰ বন্যা বয়। বহুজনে শোভাংগীৰ ঘৰলৈ আহি থকা আনন্দ প্ৰকাশ কৰি কৰি শোভাংগীক শুভেচ্ছা জনায় ।

Related Articles