Breaking

ৰাজনৈতিক ইংনিছ সামৰি বাজপেয়ী ভৱনত কি ক’লে নৱ নিযুক্ত ৰাজ্যপাল ৰমেন ডেকাই…

0 40

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন সাংসদ ৰমেন ডেকাক ছত্তিশগড় ৰাজ্যৰ ৰাজ্যপাল নিযুক্তি দিয়া উপলক্ষে আজি বশিষ্ঠ চাৰিআলিস্থিত বিজেপি, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ত সম্বৰ্দ্ধণা জনোৱা হয়। বি জে পিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৰমেন ডেকাক সম্বৰ্দ্ধণা জনায়। সাংবাদিকক সম্বোধন কৰি ডেকাই কয় – আজি মই সুদীৰ্ঘ ৰাজনৈতিক জীৱনৰ ইংনিছ সামৰিলো। মোক এক নতুন সাংবিধানিক দায়িত্ব দিয়া হৈছে। নিশ্চয় এই দায়িত্ব পালন কৰাৰ চেষ্টা কৰিম। তেওঁ কয়- ছত্তিশগড়ৰ দৰে ৰাজ্যৰ ৰাজ্যপাল হোৱাটো এক প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানক ইতিবাচক কৰি তুলিব লাগিব। ছত্তিশগড়ৰ এখন সম্ভৱনাময় ৰাজ্য। ৰাজ্যখনৰ সম্ভৱনাক বিকশিত কৰাৰ কামত মনোনিবেশ কৰা‌ হ’ব।

ইপিনে অনুষ্ঠানত ভাষণৰ আৰম্ভণিতে আৱেগিক হৈ পৰা দেখা যায় ৰমেন ডেকা। ডেকাই ভাষণত সংঘত যোগদান কৰোৱা নেতা-কৰ্মীসকলক স্মৰণ কৰে। আজি মোৰ কাৰণে বৰ বেদনাদায়ক। ১৯৭৬ চনৰ জুলাই মাহত যোগদান কৰিছিলো। সমাজত আমাৰ বিশেষ একো পৰিচয় নাই। বিজেপিৰ নামটো লাগি আছে বাবে ৰমেন ডেকা হৈ আছো।’ তেওঁ দলৰ বাবে নিষ্ঠাসহকাৰে কাম কৰা নেতা-কৰ্মীসকলৰ উদ্ধৃতি দি কয়- ‘আমি ত্যাগ কৰিবলৈ শিকিব লাগিব। পইচাৰ প্ৰয়োজন আছে; কিন্তু সকলো সময়ত পইচাই সৰ্বস্ব নহয়।’ তেওঁ কয়- ‘ভাৰতীয় জনতা পাৰ্টি এদিনতে হোৱা দল নহয়।’ ‘২০০৯ চনত অগপৰ সৈতে কৰা মিত্ৰতা বিজেপিৰ বাবে বুনিয়াদ আছিল। বিজেপি নিজৰ আদৰ্শ-বিচাৰধাৰাৰ বাবেই চলি আছে। আমি বিচাৰধাৰাৰ পৰা বিচ্যুত হ’ব নালাগে।’ তেওঁ কয়- ‘কেৱল নিজে নেতা হ’লে নহ’ব, আমি কৰ্মীক নেতা বনাবলৈও শিকাব লাগিব। ‘জিলা এখনত জিলা সভাপতি যদি দলে বিচাৰি নাপাই তেন্তে সেয়া দলৰ দুৰ্বলতাহে।’

বিজেপিৰ কাৰ্যালয়ত পূৰ্বতে কাম কৰা নিষ্ঠাবান কৰ্মীসকলক অনুষ্ঠান পাতি সম্বৰ্ধনা জনাবলৈ আহ্বান জনায় ৰমেন ডেকাই কয় – Unsung Hero সকলে নীৰৱে কাম কৰি আছে বাবেহে পাৰ্টি জীয়াই আছে। সংঘ আছে কাৰণেহে দল আছে। সেয়া সকলোৱে মনত ৰখাটো দৰকাৰ।’

Leave A Reply

Your email address will not be published.