Breaking

ৰাজ্যিক মহিলা মৰ্চাৰ উদ্যোগত মৌন প্ৰতিবাদ

0 28

১৬আগুষ্ট ২০২৪: ভাৰতীয় জনতা পাৰ্টী মহিলা মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা বিজেপি ৰ সহযোগত লতাশিল খেলপথাৰত আজি এক মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। সমগ্ৰ দেশ কঁপাই যোৱা কলকাতাৰ এগৰাকী মহিলা ডাক্তৰক ধৰ্ষণ কৰি নৃশংস ভাৱে হত্যা কৰাৰ প্ৰতিবাদত লতাশিল খেলপথাৰত সহস্ৰাধিক মহিলা গোট খাই হাতে হাতে মমবাতি লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

এই ঘটনাৰ লগত জড়িত সকলো দোষীকে শীঘ্ৰেই চৰম শাস্তি প্ৰদান কৰি ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদানৰ দাবী জনায়। ৰোগীক জীৱন দান দিয়া, ৰোগীৰ জীৱন ৰক্ষা কৰা ডাক্তৰ সকলক সুৰক্ষা প্ৰদানত ব্যৰ্থ হোৱা মমতা বেনাৰ্জীৰ চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি বিজেপিৰ জিলা সভাপতি তপন দাসে শীঘ্ৰেই দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়।

এই প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যিক মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা দ্বয় ক্ৰমে পূৰবী ৰয় আৰু ৰত্না সিং ৰ নেতৃত্বত মহিলা মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়া, ৰাজ্যিক কাৰ্য্যবাহী সদস্যা তথা ৰাজ্যিক আমন্ত্ৰিত সদস্যা সকলৰ লগতে কামৰূপ মহানগৰ জিলাৰ কাৰ্য্যকৰ্তা সকলক উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.