Breaking

ৰাণী বনাঞ্চলৰ গভীৰ অৰণ্যত এৰি দিয়া হয় হাতীটো

0 18

গুৱাহাটী , ৫ আগষ্ট : শক্তিপীঠ কামাখ্যা মন্দিৰ চৌহদসহ নীলাচল পাহাৰত বিগত প্ৰায় ৯ দিনমান ধৰি বিচৰণ কৰি থকা এটা বনৰীয়া হাতীক আজি পুৱতি নিশা বন বিভাগে ট্ৰেংকুলাইজদ কৰি অচেতন কৰিবলৈ সক্ষম হৈছে। আজি পুৱাৰ ভাগত হাতীটোক পশ্চিম গুৱাহাটীৰ অসম – মেঘালয় সীমান্তৰ ৰাণী বনাঞ্চলৰ বনৰীয়া হাতীৰ বিচৰণথলী হিচাপে পৰিচিত গভীৰ অৰণ্যত এৰি দিয়া হয়। বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি ব্ৰহ্মপুত্ৰৰ পানীত উটি অহা বুলি সন্দেহ কৰা মখন্দা হাতীটোক ২৪ জুলাইত গুৱাহাটীৰ সমীপৰ ৰামচিং চাপৰিত প্ৰত্যক্ষ কৰা হৈছিল। তাৰ পাছত ২৬ জুলাইত নীলাচল পাহাৰৰ বংশী বাগানত হাতীটো বিচৰণ কৰাত শক্তিপীঠ কামাখ্যা মন্দিৰ চৌহদকে ধৰি সমগ্ৰ নীলাচল পাহাৰত থকা বাসিন্দা সকলৰ মাজত আতংকৰ সৃষ্টি হয় ।

প্ৰথম অৱস্থাত পাহাৰৰ তলৰ ফালে ব্ৰহ্মপুত্ৰৰ নদীৰ কাষৰ অঞ্চলৰ লগতে পাহাৰৰ হাবিত বিচৰণ কৰি আছিল হাতিটোৱে ।পৰৱৰ্তী সময়ত নীলাচল পাহাৰৰ বিভিন্ন ঠাইলৈ গমন কৰা বনৰীয়া হাতীটোৰ মুক্ত বিচৰণক লৈ শংকিত হৈ পৰিছিল সমগ্ৰ নীলাচল পাহাৰবাসী ৰাইজ । যাৰ বাবে হাতীৰ ভয়ত নিশা উজাগৰে কটাবলগীয়া হৈছিল ৰাইজে। ইফালে বন বিভাগৰ গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱা আৰু খানামুখ খণ্ড বন বিষয়া কাৰ্যালয়ৰ খণ্ড বন বিষয়া জিণ্টো তালুকদাৰৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে নীলাচল পাহাৰত বাহৰ পাতি হাতীটো নিৰাপদে উলিয়াই পঠিয়াবলৈ চেষ্টা কৰিছিল যদিও সফল হব পৰা নাই ।

অবশেষত সন্ধিয়াৰ পৰা দুটা উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত হাতী লৈ বন বিভাগৰ পূৱ কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ৰোহিনী বল্লভ শইকীয়াৰ নেতৃত্বত ৰাজ্যিক চিৰিয়াখানা প্ৰাধিকৰণ, গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয় , দক্ষিণ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ উপৰিও বন বিভাগৰ গুৱাহাটীত থকা কেইবাটাও বন বিভাগৰ কাৰ্য্যালয়ৰ যৌথ অভিযানকাৰী দলে নীলাচল পাহাৰত বনৰীয়া হাতীটোৰ সন্ধানত অভিযান আৰম্ভ কৰে। তাৰ পাছত নীলাচল পাহাৰৰ নামনিত থকা কালীপুৰৰ নীলাচল বিদ্যাপীঠৰ সমীপত হাতীটোক অভিযানকাৰী দলটোৱে টেংকুলাইজদ কৰি অচেতন কৰিবলৈ সক্ষম হয়। তাৰ পাছত ৰাজ্যিক চিৰিয়াখানাৰ পশু চিকিৎসা বিষয়া ডাঃ প্ৰণৱ দাসৰ নেতৃত্বত চিৰিয়াখানাৰ পৰা অহা এটা বনকৰ্মীৰ দলে হাতীটোক চিকিৎসা আৰু পৰ্যবেক্ষণ কৰে আৰু এখন বাহনত হাতীটোক ৰাণী বনাঞ্চলৰ গভীৰ অৰণ্যত এৰি দিয়া হয়। সম্প্ৰতি পূৱ কামৰূপ বন সংমণ্ডলৰ ডি এফ অৰ নিৰ্দেশত ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ এটা বনকৰ্মীৰ দলে হাতীটোক পৰ্যবেক্ষণ কৰি আছে বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.