ৰাষ্ট্ৰীয়

Chennai Air Show Tragedy: চেন্নাইৰ মেৰিনা বিচত শোকাৱহ দুৰ্ঘটনা; চাৰিজনৰ মৃত্যু, ২৩০ জন আহত

চেন্নাইৰ মেৰিনা বিচত আয়োজিত এয়াৰ শ্ব’ত শোকাৱহ দুৰ্ঘটনা(Chennai Air Show Tragedy) । এই দুৰ্ঘটনাত দৰ্শকৰ মাজৰ ৪ গৰাকী লোকৰ মৃত্যু ঘটাৰ লগতে ২৩০ গৰাকী লোক আহত হৈছে। লক্ষাধিক লোকৰ ভিৰৰ বাবেই এই শোকাৱহ ঘটনাটো সংঘটিত হয়।

App-Based Scam Case: ৩০ হাজাৰ লোকৰ পৰা প্ৰবঞ্চনাৰে ৫০০ কোটি টকাৰ লুণ্ঠন; লুণ্ঠনৰ আঁৰত ইউটিউবাৰ,জনপ্ৰিয় অভিনেত্ৰী !

ভূৱা বিত্তীয় এপৰ জড়িয়তে গ্ৰাহকৰ পৰা ৫০০ কোটি টকাৰ বিত্তীয় লুণ্ঠনৰ এক বৃহৎ কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত ইউটিউবাৰ এলভিছ যাদৱ আৰু কৌতুক শিল্পী ভাৰতী সিঙক দিল্লী আৰক্ষীয়ে চমন জাৰি কৰিছে। এই বৃহৎ কেলেংকাৰীৰ জড়িয়তে প্ৰায় ৩০ হাজাৰ লোকৰ পৰা প্ৰবঞ্চকে কৰিলে লুণ্ঠন(App-Based Scam Case)।

Assamese Classical Language: অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা

কেন্দ্ৰীয় কেবিনেটে আজি পাঁচটা ভাষা ক্ৰমে মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষা হিচাপে অনুমোদন জনায়(Assamese Classical Language) । কেন্দ্ৰীয় কেবিনেটৰ এই অনুমোদনৰ পাছতে কৃতজ্ঞতা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

Assamese Classical Language: অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ; কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আনন্দ প্ৰকাশ

  (Assamese granted classical language )অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাত আনন্দ প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, "প্ৰতিগৰাকী অসমীয়াৰ বাবে এক ঐতিহাসিক ক্ষণ! শ শ বছৰৰ ঐতিহ্যৰে পৰিপূৰ্ণ স্বকীয় অসমীয়া ভাষালৈ আজিৰ কেন্দ্ৰীয় কেবিনেটত ধ্ৰুপদী ভাষা (Classical Language)ৰ মৰ্যাদা প্ৰদানত অনুমোদন।

Murder for Insurance Claim: কাম কৰা ছোৱালীৰ লগত পুত্ৰৰ বিয়া পাতি ৫০ লাখ টকাৰ বীমাৰ লোভত ন-বোৱাৰীক কৰিলে হত্যা

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত পোহৰলৈ আহিছে এটা চাঞ্চল্যকৰ ঘটনা(Sensational case in Lucknow)। ধনৰ লোভত কৌশলেৰে এজন লোকে প্ৰথমে তেওৰ ঘৰত কাম কৰা ছোৱালীৰ লগত পুত্ৰৰ বিয়া পাতি দিয়ে । তাৰ পিছত ছোৱালীজনীৰ নামত ৫০ লাখ টকাৰ জীৱন বীমা কৰে । তাৰোপৰি ছোৱালীজনীৰ নামেৰে ১০ লাখ টকাৰ মুদ্ৰা লোনো লয়। তাৰ পিছতে শহুৰেকে পৰিকল্পনা অনুসৰি হত্যা কৰিলে ন-বোৱাৰীক(Murder for Insurance Claim) ।

Popular