ৰূপজ্যোতি কুৰ্মীক মানসিক চিকিৎসালয়ত ভৰ্তিৰ দাবী,পাকাবেতবাৰীত ৰাইজৰ দাহ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিমূৰ্তি । Rupjyoti Kurmi

দৈনন্দিন বাৰ্তাৰ সেৱা, কয়াকুছি, ২২ মাৰ্চঃ Rupjyoti Kurmi । অসম বিধানসভাৰ পৱিত্ৰ মজিয়া অশালীন শব্দ আৰু অভব্য আচৰণেৰে অপৱিত্ৰ তথা কলুষিত কৰা মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিমূৰ্তি দাহ কৰা হয় । আজি ৰাইজৰ দলৰ নেতা-কৰ্মীয়ে পাকাবেতবাৰী সমষ্টিত দাহ কৰে ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিমূৰ্তি । কালি অসম বিধান সভাৰ ভিতৰত বিধায়কগৰাকীয়ে বিৰোধী দলৰ বিধায়কক লৈ অশালীন মন্তব্য কৰিছিল ।

উল্লেখযোগ্য যে, কালি বিধানসভা চলাকালীন অৱস্থাতেই মৰিয়নী সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ঐ ফটুৱা, তহঁতে কিয় কথা ক’বি, মাইক ভাঙি দিম বুলি কৈ নিজৰ আসনৰ পৰা উঠি গৈ অখিল গগৈ আৰু শ্বেৰমান আলীক টাৰ্গেট কৰি চোচা লৈছিল । এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি আজি ৰাইজৰ দলৰ পাকাবেতবাৰী ব্লকৰ উদ্যোগত ভক্তৰডোবাৰ পিঠাদিত দিনৰ ১১ বজাত অনুষ্ঠিত হোৱা প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীত দলৰ কৰ্মীসকলে বিজেপি হায় হায়, ৰূপজ্যোতি কুৰ্মী মুৰ্দাবাদ, ৰূপজ্যোতি কুৰ্মীৰ বিধায়ক পদ খাৰিজ কৰক, ৰাইজৰ দল জিন্দাবাদ আদি ধ্বনি দিয়ে ভৱিষ্যতে যাতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সদনৰ ভিতৰত এনে অশালীন আচৰণ নকৰে তাৰ বাবে সকীয়াই দিয়ে । আজিৰ এই পুত্তলিকা দাহ কাৰ্যসূচীত ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ জামানে ৰূপজ্যোতি কুৰ্মীক এগৰাকী মানসিক ৰোগী বুলি উল্লেখ কৰি তেওঁক তেজপুৰ মানসিক চিকিৎসালয়ত ভৰ্তি কৰিবলৈ বিজেপি দলৰ নেতা কৰ্মীসকলৰ লগতে মুখ্যমন্ত্ৰীক আহ্বান জনায় ।

এনে মানসিকভাৱে ভাৰসাম্যহীন বিধায়ক ৰূপজ্যোতি কুৰ্মীক দীৰ্ঘ সময়ৰ বাবে সদনৰ পৰা বহিষ্কাৰ কৰিবলৈও মনিৰুজ জামানে বিধানসভাৰ অধ্যক্ষক দাবী জনায় । আনহাতে মনিৰুজ জামানে বিধানসভাৰ অধ্যক্ষগৰাকীৰ পক্ষপাতিত্বমূলক আচৰণকো সমালোচনা কৰে । তেওঁ কয় যে, সামান্যতম অযুহাত দেখুৱাই অসম বিধানসভা পৱিত্ৰ মজিয়াৰ পৰা বাৰে বাৰে বিৰোধী দলৰ বিধায়ক অখিল গগৈ আৰু বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক নিলম্বন কৰা হয় । কিন্তু আশ্চৰ্যজনকভাৱে ৰূপজ্যোতি কুৰ্মীয়ে ইমান অভদ্ৰ আচৰণ কৰাৰ পাছতো অধ্যক্ষগৰাকীয়ে তেওঁক সদনৰ পৰা নিলম্বন নকৰিলে । এয়া অধ্যক্ষগৰাকীৰ পক্ষপাতিত্বমূলক আচৰণ ।

এই কাৰ্যসূচীত জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় উপ সভাপতি ধৰ্মেন্দ্ৰ দাস, পাকাবেতবাৰী সমষ্টি সমিতিৰ উপ সভাপতি সবজুল হক, বিত্ত সম্পাদক খলিলুৰ ৰহমান, ব্লক কমিটিৰ সম্পাদক সফিকুল ইছলাম, আঞ্চলিক সমিতিৰ বিষয়ববীয়া ক্ৰমে মুনছেৰ আলী, আতোৱাৰ ৰহমান, ময়নুল হক, আছমত আলীকে আদি কৰি প্ৰায় অৰ্ধশতাধিক লোক উপস্থিত থাকে ।

Related Articles