Breaking

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত শিশু শ্ৰমিক বিৰোধী দিৱস উদযাপন

0 21

গুৱাহাটীৰ পাণ্ডু টেম্পলঘাটস্থিত ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্যনৰ উদ্যোগত আজি শিশু শ্ৰমিক বিৰোধী দিৱস উদযাপন কৰা হয়। দিৱস উপলক্ষে শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষা ডঃ গীতাঞ্জলি চৌধুৰীৰ নেতৃত্বত শিক্ষক – শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে পাণ্ডু অঞ্চলটোত এক সঁজাগতামূলক সমদল উলিয়াই। সমদলত ভাগ লোৱা সকলোৱে হাতে হাতে প্লে – কাৰ্ড, বেনাৰ লৈ শিশু শ্ৰমিক বন্ধ কৰক, শিশুসকল শিক্ষা গ্ৰহণৰ বাবে, উপাৰ্জন কৰিবলৈ নহয় আদি বিভিন্ন শ্লোগানৰ প্লে কাৰ্ড লৈ কলেজ চৌহদৰ পৰা কলেজৰ আশে-পাশে থকা পাণ্ডুৰ বস্তি অঞ্চললৈকে আকাশ- বতাহ মুখৰিত কৰি তোলে ।

লগতে একাংশ ছাত্ৰ-ছাত্ৰীয়ে বস্তি এলেকাত বসবাস কৰা অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰি এখন প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰে। মত বিনিময় কৰাৰ সময়ত ছাত্র-ছাত্ৰীসকলে কয় যে বছৰ বছৰ ধৰি শিশু শ্ৰমিক বিৰোধী দিৱস উদযাপন কৰি থকাৰ বাহিৰে সাম্প্ৰতিক কালত প্ৰত্যেক গৰাকী অভিভাৱকে নিজ সন্তাক শ্ৰমিক হ’বলৈ নিদি সুশিক্ষিত কৰাৰ দায়বদ্ধতা থাকিব লাগিব। শিশুসকল যে ভৱিষ্যতৰ একো একোগৰাকী সু – নাগৰিক; শ্ৰমিক হ’বলৈ পঠিওৱাৰ বাদে স্কুললৈ পঠিয়াব লাগে সেই কথা নিৰক্ষৰ অভিভাৱকসকলে বুজি উঠিলেহে আজিৰ শিশু শ্ৰমিক বিৰোধী দিৱস উদযাপনৰ সফলতা হোৱা বুলি গণ্য কৰিব পাৰি।

Leave A Reply