Breaking

জালুকবাৰীত ড্ৰাগছসহ আটক ১

0 8

গুৱাহাটী, ৩ জুলাই : মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই গোপন সূত্ৰৰ পম খেদি উত্তৰ জালুকবাৰীত অভিযান চলাই ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আটক কৰে । ধৃত সৰবৰাহকাৰীটোক গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত লংকেশ্বৰ নম: সুদ্ৰপাৰাৰ কমল দাস (৩১) বুলি চিনাক্ত কৰা হৈছে । আৰক্ষী সুত্ৰে জানিব পৰামতে কমল দাসে এখন মটৰ চাইকেলত মহানগৰীৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহ কৰিবলৈ যোৱা বুলি গোপন সূত্ৰে জানিব পাৰি দিনৰ ১০ মান বজাত মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ লোকে আজাৰাৰ পৰা তেঁওক অনুসৰণ কৰি উত্তৰ জালুকবাৰী আটক কৰিবলৈ সক্ষম হয়।

তালাচী চলোৱাত তেওঁৰ পৰা অলপ ড্ৰাগছ জব্দ কৰে যদিও কমলক লৈ আনি তাৰ নিজ গৃহত তালাচী চলোৱাত কৌশলৰে ঘৰৰ মুধচত ৰখা অৱস্থাত ২০ টা চাবোনৰ বাকচত প্ৰায় ২৫০গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কৰা ড্ৰাগছখিনীৰ মূল্য প্ৰায় ১৫ লাখ টকা হব। আৰক্ষীয়ে তেওঁৰ পৰা ম’বাইল ফোন আৰু ড্ৰাগছ সৰবৰাহত ব্যৱহৃত সামগ্ৰী জব্দ কৰিছে ।

Leave A Reply