Breaking

১০১ বছৰতো প্ৰাণৱন্তঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা পদ্মশ্ৰী গ্ৰহণ কৰিলে ফ্ৰান্সৰ ১০১ বছৰীয়া যোগ প্ৰশিক্ষক চাৰ্লট চোপিনে…

0 58

১০১ বছৰতো প্ৰাণৱন্ত হৈ আছে তেওঁ। যোগাসনৰ জড়িয়তে নিজৰ লগতে আন দহ জনক সুস্থ ৰাখিবলৈ সক্ষম হোৱা ফ্ৰান্সৰ ১০১ বছৰীয়া যোগ প্ৰশিক্ষক চাৰ্লট চোপিনে শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা গ্ৰহণ কৰিছে পদ্মশ্ৰী। শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ হাতৰ পৰা পদ্মশ্ৰী গ্ৰহণ কৰে চোপিনে।

ফ্ৰান্সৰ ১০১ বছৰীয়া চোপিন চাৰি দশকধৰি যোগ প্ৰশিক্ষক হিচাবে কাম কৰি আহিছে। ১০১ বছৰ বয়সতে চোপিন এতিয়া সুস্থ আৰু চলা-ফুৰা কৰিব পৰা হৈ আছে। প্ৰখ্যাত যোগ প্ৰশিক্ষকগৰাকীয়ে ১৯৮২ চনত ফ্ৰান্সত যোগ শিকোৱা আৰম্ভ কৰিছিল। তেওঁৰ প্ৰচেষ্টাতে ফ্ৰান্সত যোগাসন জনপ্ৰিয় হৈ পৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে যোগাসনক বিদেশত জনপ্ৰিয় কৰি তোলাৰ বাবে চোপিনক প্ৰশংসা কৰিছে। উল্লেখ্য শনিবাৰে অসমৰ হস্তী কন্যা তথা ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউত পাৰ্বতী বৰুৱাকো ৰাষ্ট্ৰপতিয়ে পদ্মশ্ৰী সন্মান প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.