Breaking

নগাঁৱত ১১ বছৰীয়া শিশু উদ্ধাৰ

0 2,022

নগাঁও, ১০ নবেম্বৰ:নগাঁৱৰ হয়বৰগাঁও চকীৰ আৰক্ষীয়ে আজি বিয়লি এটি শিশুক উদ্ধাৰ কৰে ৷ উদ্ধাৰ কৰা শিশুটিৰ নাম হৈছে চৰিফুল ইছলাম ৷ ১১ বছৰীয়া চৰিফুলক নগাঁও চহৰৰ হেৰাপট্টিত ঘূৰি ফুৰা প্ৰত্যক্ষ কৰি স্হানীয় লোকে হয়বৰগাঁও আৰক্ষীক খবৰ দিয়ে ৷ হয়বৰগাৱৰ আৰক্ষী বিষয়া তৰঙ্গ পাটোৱাৰীয়ে হেৰাপট্টিৰ পৰা শিশুটোক উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ আহে ৷ পিছত চাইল্ড লাইনৰ হাতত শিশুটিক গতাই দিয়ে ৷ আৰক্ষীৰ অনুসন্ধানৰ অন্তত শিশুটি শোনিতপুৰৰ ভোজখোৱা চাপৰিৰ মইনুল হকৰ সন্তান বুলি জানিব পাৰা গৈছে ৷

Leave A Reply

Your email address will not be published.