Breaking

পি টি অল্ড এজ হোমত শ্ৰোতশ্বিনী মহিলা সংঘৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন…

0 16

শ্ৰোতশ্বিনী মহিলা সংঘৰ দ্বাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ২৭ জুলাইত গুৱাহাটীৰ বেলতলা চাৰ্ভেৰ অজন্তা পথত থকা পি টি অল্ড এজ হোম (বৃদ্ধাশ্ৰম)ত পালন কৰা হয়।পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সংঘৰ সভানেত্ৰী ৰোজী দাসে। বন্তি প্ৰজ্বলন কৰে বৃদ্ধাশ্ৰমৰ বয়োবৃদ্ধা ডালিমী আইতাই। ইয়াৰ পিছতে ৰাণু কলিতাৰ পৰিচালনাত শ্ৰোতশ্বিনী মহিলা সংঘৰ সদস্যা সকলে দিহা নাম পৰিবেশন কৰে। আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বৃদ্ধাশ্ৰমৰ আইতা সকলৰ মাজত বিয়া নাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

সংঘৰ উপদেষ্টা, নাট পৰিচালক, প্ৰয়াত ৰবীন কুমাৰৰ সোঁৱৰণত অনুষ্ঠিত বিয়া নাম প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে ক্ৰমে-জয়া প্ৰভা বড়ো আইত, মনালিছা আইতা আৰু পুতলি বড়ো আইতাই। প্ৰতিযোগিতাখনত বিচাৰক হিচাপে আছিল সংঘৰ উপ সভানেত্ৰী নলিনী কলিতা। সভাত ৰবীন কুমাৰৰ বিষয়ে স্মৃতিচাৰণ কৰাৰ পিছত সম্পাদিকা অৰুন্ধতী দাসে ‘পিঠা’ নামৰ কবিতা এটি পাঠ কৰে। ইয়াৰ পিছত তুলসী দাসে লোকগীত, জয়ন্তী দাসে আৰু অৰ্চনা শৰ্মাই বিয়া গীত, ৰুবী মেধি আৰু নীলিমা দাসে কবিতা আবৃত্তি, মিনু কলিতাই ৰাভা সংগীত, ৰুবী ভূঞাই আধুনিক গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।

Leave A Reply

Your email address will not be published.