Breaking

বাছেৰে অসমত প্ৰৱেশ কৰা ১৩ গৰাকী ৰহিংগিয়াক আটক আৰক্ষীৰ

0 2,070

মঙলবাৰে নিশা কৰিমগঞ্জ জিলাত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ১৩ গৰাকীকৈ ৰহিংগিয়াক । এই অবৈধ বিদেশী কেইজনে ত্ৰিপুৰাৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়তেই অসম আৰক্ষীৰ এটা দলে আটক কৰিবলৈ সক্ষম হয় ।

জানিব পৰা অনুসৰি, আটক হোৱা ৰহিংগিয়াৰ এই দলটোত মহিলাকে ধৰি শিশুও আছে । দলটোৱে প্ৰায় ৪,০০০ ভাৰতীয় আৰু বাংলাদেশী টকা লগত লৈ ঘূৰি ফুৰিছিল। আৰক্ষীৰ তালাচীত বিদেশী নাগৰিক কেইজনৰ পৰা ভুৱা বাংলাদেশী আধাৰ কাৰ্য জব্দ হোৱা বুলিও জানিব পৰা গৈছে ।

প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা অনুসৰি দালালৰ সহায়ত ৰহিংগিয়াৰ এই দলটোৱে বাংলাদেশৰ পৰা ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত প্ৰৱেশ কৰিছিল আৰু ইয়াৰ পিছত এই দলটোৱে এখন বাছৰ সহায়ত অসমলৈ অহা বুলি জানিব পৰা যায়।

Leave A Reply

Your email address will not be published.