Breaking

‘দৈনন্দিন বাৰ্তা’ গোষ্ঠীৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ১৩ সংখ্যক বৰ্ষপুতিৰ বটাঁপ্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

0 81

‘দৈনন্দিন বাৰ্তা’ গোষ্ঠীৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ১৩ সংখ্যক বৰ্ষপুতিৰ বটাঁপ্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন।জাতি,মাটি আৰু দেশৰ সেৱাত উৎসৰ্গিত দৈনন্দিন বাৰ্তাৰ ১৩-সংখ্যক বৰ্ষপুতি অনুষ্ঠান বণাৰ্ঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়।বন্তি প্ৰজ্বলন,শ্বহীদ তৰ্পনেৰে আৰম্ভ হোৱা অনুষ্ঠানত ক্ৰমে ‘আলোকপ্ৰভঞ্জন বটাঁ’ ড°লক্ষহীৰা দাস,’দৈনন্দিন বাৰ্তা’ বটাঁ প্ৰমোদ কলিতাক প্ৰদান কৰাৰ লগতে ‘দ্য আছাম ৰাইজিং’ বিশেষ বটাঁ আৰু ভালেমান ক্ষেত্ৰত অগ্ৰণী প্ৰহৰীৰ ভুমিকালোৱা কেইবাগৰাকীও সংবাদকৰ্মীক সম্বৰ্ধনা তথা বিশেষ কৃতিত্বৰ বটাঁ প্ৰদান কৰে।

শংকৰ গোহাঞিয়ে উদ্যেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ,বিশিষ্ট উপন্যাসিক ফনিন্দ্ৰ কুমাৰ দেৱ চৌধুৰী,ড°নৰেন হাজৰীকা,শংকৰ দাসকেধৰি ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰে।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সংবাদকৰ্মী, শুভাকাংক্ষী পৰিপূৰ্ণ বৰ্ষপূতি অনুষ্ঠান গীতে-মাতে ৰসাল হোৱা পৰিলক্ষিত হ’ল।

Leave A Reply

Your email address will not be published.