Breaking

মাজবাট আৰক্ষীৰ গোপন অভিযানত ১৪১ কেজি ভাং সহ চাইকেল জব্দ…

0 29

মাজবাট আৰক্ষীৰ গোপন অভিযানত
১৪১ কেজি ভাং সহ চাইকেল জব্দ।
ভাং খিনিৰ বজাৰ মুল্য ৭০লাখ টকা।

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে যোৱা নিশা পুনৰ অভিযান চলাই ভাং সহ চাইকেল জব্দ কৰিবলৈ সমৰ্থ হয়। জানিব পৰামতে বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে, লালপানী আৰক্ষী চকীৰ আই চি ভাস্কৰ বৰা আৰু লালপুলস্ত 23 নাম্বাৰ SSB জোৱানৰ লগত যোৱা এটা আৰক্ষীৰ

জোটিয়া অভিযাত অসম অৰুণাচল সীমান্ত এলেকাৰ নিজৰা চেন্টাৰৰ নিজৰা জ‌ংগলত অভিযান চলায়। আৰক্ষীৰ উক্ত অভিযানত নিজৰা জংগলৰ এটা হাবিৰ মাজত লুকুৱাই থোৱা অবস্থাত ৫ খন চাইকেল সহ ১৪১ কিলোগ্রাম ভাং জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোয়ে।

পিচত মাজবাট আৰক্ষীয়ে জব্দ কৰা ভাং সহ চাইকেল কেইটা মাজবাট থানালৈ লৈ আনে । এই সংক্রান্তত মাজবাট আৰক্ষীয়ে ২১/২৪ নম্বৰত এটা কেচ ৰোজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জনা যায়। জব্দ কৰা ভাংখিনিৰ আন্তর্জাতিক বজাৰ মূল্য প্ৰায় ৭০লাখ টকা মান হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.