বাক্সাৰ উত্তৰকুছিত ১৫ দিনীয়া মৌ পালন প্ৰশিক্ষণৰ সামৰণি

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী উত্তৰকুছিত যোৱা ১ নৱেম্বৰৰ পৰা পোন্ধৰ দিনীয়াকৈ বনৰীয়া মৌ পালন আৰু পৰিচৰ্যাৰ ওপৰত অনুষ্ঠিত এক প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে ৷ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত আৰু গ্ৰীণ এনভাইৰ্ণমেন্ট টাস্ক ফৰ্চৰ সহযোগত গ্ৰীণ স্কীল ডেভলপমেণ্ট প্ৰগ্ৰেমৰ অধীনত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰত জিলাখনৰ ভিন্ন প্ৰান্তৰ ২০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । উক্ত প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষাৰ্থী সকলক বিজ্ঞানসন্মতভাৱে মৌ পালন কৰি অৰ্থনৈতিকভাৱে কিদৰে লাভৱান হ’ব পাৰে তাৰ ওপৰত তাত্বিক শিক্ষা প্ৰদান কৰাৰ লগতে মৌ-মাখি ধৰা, মৌ ৰস সংগ্ৰহ কৰা আদি বিষয়ত ব্যৱহাৰিক শিক্ষাদানৰ উদ্দেশ্যে জিলাখনৰ মৌ-গাঁও খ্যাত বৰবৰীৰ খামৰিগাঁওলৈ প্ৰশিক্ষাৰ্থী সকলক নিয়া হয় হয় ৷ পোন্ধৰ দিনীয়া এই প্ৰশিক্ষণ শিবিৰৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰৰ লগতে বিনামূলীয়াকৈ মৌ পালন সম্পৰ্কীয় গাইডবুক, মৌবাকচ, মৌ মাখি ধৰা তথা মৌ ৰস সংগ্ৰহত ব্যৱহৃত বিভিন্ন সা-সজুলি আদি বিতৰণ কৰা হয় ৷ উল্লেখ্য যে এই প্ৰশিক্ষণ শিবিৰত প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংগঠন মানাস-চৌকী ইক’ ট্যু’ৰিজিম চছাইটি, মানাস-দাৰাগাঁও ইক’ ট্যু’ৰিজিম চছাইটি আৰু মানাস-চৌচি খংখৰ ইক’ ট্যুৰিজিম চছাইটিৰ সদস্য সকলেও সহযোগিতা আগবঢ়ায়৷ 

Related Articles