Breaking

মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰত ১৫ দিনীয়া স্ব-বিত্তীয় ইনপুট ডিলাৰৰ প্ৰমাণপত্ৰ প্ৰশিক্ষণ সামৰণি

0 31

মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰত অসমৰ প্ৰাথমিক কৃষি ক্ৰেডিট ছ’চাইটি (পিএচিএছ)ৰ অংশীদাৰসকলৰ বাবে অনুষ্ঠিত হোৱা ১৫ দিনীয়া স্ব-বিত্তীয় ইনপুট ডিলাৰৰ প্ৰমাণপত্ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি সফল সামৰণি পৰে ৷

যোৱা ৩১ জুলাই পৰা পৰা অনুষ্ঠিত হোৱা ১৫ দিনিয়া প্ৰশিক্ষণৰত মৰিগাঁও আৰু হোজাই সমবায় সমিতিৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ে অংশগ্ৰহণকাৰীসকলক নিৰ্বাচিত কৰা প্ৰশিক্ষাৰ্থী সকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সময়ত ADEE (Vety), AAU, Zonal Research Station, Shillongoni, জিলা কৃষি বিভাগ মৰিগাঁও, জৈন জলসিঞ্চন ব্যৱস্থা, কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁও, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁও, ভাৰতীয় ষ্টেট বেংক, জাগীৰোড, ASOCA, AAU-ODL, ৰাজ্যিক জনস্বাস্থ্য পৰীক্ষাগাৰ, অসম, বিশ্বনাথ কৃষি মহাবিদ্যালয়, IRRI, APART প্ৰকল্প আৰু POOHAR FPC য়ে প্ৰশিক্ষণ প্ৰদান কৰে।

এই কাৰ্যসূচীৰ অধীনত প্ৰশিক্ষাৰ্থী সকলক YANGLI FPC লৈ পৰিদৰ্শনৰ বাবে যোৱা হয় । উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত মৰিগাঁও, নগাঁও আৰু হোজাই জিলাৰ ২৩ খন ভিন্ন সমবায় সমিতিক প্ৰতিনিধিত্ব কৰা মুঠ ২৩ গৰাকীয়ে অংশগ্ৰহণ কৰে। উল্লেখ যে প্ৰশিক্ষণৰ আজি সামৰণি অনুষ্ঠানত অসম চৰকাৰৰ সহযোগ বিভাগৰ সম্পাদক ঋতুৰাজ বৰা, জিলা আয়ুক্ত, দেৱাশীষ শৰ্মা, সমবায় সমিতি, গুৱাহাটী মণ্ডলৰ খণ্ড যুটীয়া পঞ্জীয়ক, বিশ্বজিৎ চক্ৰৱৰ্তী, কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ জ্যেষ্ঠ বিজ্ঞানী আৰু মুৰব্বী ডাঃ ৰিজুস্মিতা শৰ্মা ডেকাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ বিশেষজ্ঞ উপস্থিত থাকে।

কাৰ্যসূচীৰ সময়ত মূল্যায়নৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ টপাৰসকলকো বিশিষ্ট ব্যক্তিসকলে সম্বৰ্ধনা জনায়। কাৰ্যসূচীৰ শেষত প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়।।

Leave A Reply

Your email address will not be published.