Breaking

হাউলীস্থিত বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰত ১৫ দিনীয়া প্ৰশিক্ষণ আৰম্ভ

0 2,023

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হাউলীস্থ বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰ আৰু জিলা কৃষি বিভাগৰ যৌথ উদ‍্যোগত হাউলীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰতকালিৰে পৰা জিলাখনৰ নিৰ্বাচিত পচিশ জনকৃষি সামগ্ৰী ব‍্যৱসায়ীসকলৰ বাবে এটি পোন্ধৰ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰে। শস্য বিজ্ঞান বিশেষজ্ঞ পিংকুধৰ বৰ্মনৰ পৌৰাহিত‍্যত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে জিলা কৃষি সঞ্চালক অৰুণ হাজৰিকা আৰু মহকুমা কৃষি বিষয়া পৰিক্ষীৎ বায়নে। উদ্বোধনী ভাষণত জিলা কৃষি সঞ্চালক অৰুণ হাজৰিকাই কৃষি সামগ্ৰী ব‍্যৱষায়ীসকলক নিজৰ ব‍্যৱসায় সততাৰে আৰু নিষ্ঠাৰে আগবঢ়াই নিবলৈ আহ্বান জনায়।বৰপেটা জিলাত কৃষি সামগ্ৰী বিশেষকৈ সাৰৰ অনিয়ম আৰু বেমেজালি থকাৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰে।আনহাতে কৃষি বিষয়া পৰিক্ষীৎ বায়নে চৰকাৰৰ দ্বাৰা পৰিকল্পিত এই প্ৰশিক্ষণে কৃষি সামগ্ৰী ব‍্যৱষায়ীসকলক যথেষ্ট উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে। লগতে কৃষি বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ অভিজ্ঞ পাৰদৰ্শী ব‍্যক্তি সকলে বিভিন্ন বিষয়ত প্ৰদান কৰিবলগীয়া প্ৰশিক্ষণত মনোযোগ দিবলৈ আহ্বান জনায়।উল্লেখ‍্য যে উক্ত প্ৰশিক্ষণত জিলাখনৰ নিৰ্বাচিত ২৫ জন কৃষি সামগ্ৰী ব‍্যৱসায়ীয়ে অংশগ্ৰহণ কৰে। পৰৱৰ্তী সময়ত এনেকুৱা আৰু প্ৰশিক্ষণ অনুষ্ঠিত হব বুলি শস‍্য বিজ্ঞান বিশেষজ্ঞ পিংকুধৰ বৰ্মনে    জানিবলৈ দিয়ে। উদ্বোধনী অনুষ্ঠান টো আঁত ধৰে ভূমি বিজ্ঞান বিশেষজ্ঞা চাবিনা আহমেদে।

Leave A Reply

Your email address will not be published.