পোন্ধৰ শ মাটিৰ চাকি প্ৰজ্বলন কৰি উদযাপন প্ৰদূষণমুক্ত দীপাৱলী

সমগ্ৰ দেশৰ লগতে আজি ব্ৰিটিছ কালীন বজালীৰ ৰাজধানী পাটাছাৰকুছিৰ বৰপুখুৰীত প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত উদযাপন কৰা হয়।পোহৰৰ উৎসৱ দীপাৱলী। মহামিলনৰ বাৰ্তাৰে দীপান্বিতা জ্বলিল পোন্ধৰ শ চাকি ।পাটাছাৰকুছি বৰপুখুৰী ৰ পাৰত ১৫শ মাটিৰ চাকি জ্বলাই বৃদ্ধৰ পৰা শিশু লৈ উদযাপন কৰিলে শব্দ বৰ্জিত আলোক ৰ দীপাৱলী।যি সময়ত ভয়ানক শব্দ প্ৰদূষণৰ লগতে উচ্চ প্ৰাবল‍্যৰ  ফটকাৰ শব্দ আৰু ধোঁৱা ই পৰিবেশ ৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে তেনে সময়তে এই আৰ্হি ৰে  সমাজত নতুন বাৰ্তা বিলাবলৈ কৰা প্ৰচেষ্টাই তাৎপৰ্য বহন কৰিছে।যি সময়ত সমাজ খনত হৃদয় ৰ ভালপোৱা, চেনেহ মৰমৰ এনাজৰী লেখডাল চুটি হৈ আহিছে, তেনেস্থলত  পাটাছাৰকুছি বৰপুখুৰী ৰৰ পাৰৰ এক সমন্বয়ৰ বাৰ্তাই জনজীৱনলৈ কঢ়িয়াই আনিছে ভাতৃত্ববোধৰ মহাবাৰ্তা।অন্যতম স্বেচ্চাসেৱী অনুষ্ঠান পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাৱৰ উদ্যোগত পাটাছাৰকুছিৰ  সমাজ জীৱনত এটা সময়ত  নিবিড় সম্পৰ্ক থকা ঐতিহমণ্ডিত বৰপুখুৰী পাৰত কালি (৪ নবেম্বৰত)   দিপাৱলীৰ সন্ধিয়া  অনুষ্ঠিত সম্প্ৰীতিৰ আলোক মেলাত বিভিন্ন জাতি, ধৰ্ম, জনগোষ্ঠীৰ লোকৰ  মহামিলনেৰে  দিপাৱলীত পোন্ধৰশ মাটিৰ চাকিৰ  পোহৰে  আলোকিত  কৰি তুলে ঐতিহ্যপূৰ্ণ  বৰপুখুৰী পাৰ । পুখুৰীৰ পাৰত জ্বলোৱা পোন্ধৰশ মাটিৰ  চাকিৰ  পোহৰৰ লগতে  পানীৰ মাজত কলৰ ভুৰত সজোৱা  চাকিৰ ভেল, চাকিৰে  লিখা বৰ পুখুৰী, চেলফি পইন্ট আদিয়ে পৰিবেশটো দৃষ্টিনন্দন কৰি  তোলে।  শব্দ প্ৰদূষন বিহীন এই দিপাৱলীৰ আৰ্হিৰে সমাজত নতুন বাৰ্তা বিলাবলৈ কৰা প্ৰচেষ্টাই বিশেষ তাৎপৰ্য বহন কৰিছে৷ সন্ধিয়া ৫:৫৯ বজাত  সমাজৰ বিভিন্ন স্তৰৰ  ব্যক্তি ধনী – দুখীয়া তথা জাতি – ধৰ্ম  নিৰ্বিশেষে শিশুৰ পৰা বৃদ্ধলৈ পঁচিশ গৰাকী পুৰুষ- মহিলাই  মুখ্য বন্তি  প্ৰজ্বলক হিচাপে বন্তি জ্বলাই শুভাৰম্ভ  কৰে এই  আলোক উৎসৱ । বজালী জিলাৰ উপাযুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, চি আৰ পি এফৰ হাউলীৰ চি.অ. প্ৰদীপ সিং গাব্ৰিৱাল ,পাটাছাৰকুছি শিবিৰৰ বিষয়া  সুভাষ চন্দ্ৰ ৰয় লগতে  বয়োজ্যেষ্ঠ ব্যক্তি ভৱেশ শৰ্মা, মুনীন্দ্ৰ নাৰায়ন গোস্বামী, ৰৱীন শৰ্মা, জয়মতী দেৱ চৌধুৰী,  হাজী কাচিম আলী, গাওবুঢ়া ব্ৰজমোহন বৰো, প্ৰাক্তন  ৰিক্সা চালক  বিজু ৰয় , ফূলেন দাস,  প্ৰাক্তন নাপিত ৰামকুমাৰ ঠাকুৰ, কৃষক লক্ষ্মী বৰো, গৌৰী ডেকা, বোৱাৰী অঞ্জলী নাথ, ডালিমী বেগম, দীপ্তি দেৱ চৌধুৰী,  বিষয়ালক্ষ্মী দেৱী, গ্ৰন্থ প্ৰকাশক ধীৰাজ গোস্বামী, গৱেষক ছাত্ৰ দীপজ্যোতি গোস্বামী, যুৱতী ৰিমলী গোস্বামী, উৰ্মিকা শৰ্মা, শিশু হিমাস্মিতা শৰ্মা, প্ৰিন্স মহিদুল হক, কুশনাভ শৰ্মা, ধিয়াশ্ৰী কাশ্যপ আৰু জিজ্ঞাসা কাশ্যপক ধৰি  পঁচিশ গৰাকী ব্যক্তিয়ে মুখ্য বন্তি  প্ৰজ্বলক হিচাপে উপস্থিত থকা  এই  আলোক মেলাত  উপস্থিত আন  সকলেও  বন্তি জ্বলাই অংশগ্ৰহণ কৰে। যথেষ্ঠ লোক  সমবেত  হোৱা অনুষ্ঠানটোৰ  শুভাৰম্ভণিৰ আঁত ধৰে  আকাশবানী গুৱাহাটী কেন্দ্ৰৰ ঘোষিকা তথা ভট্টদেৱ বিশ্ব বিদ্যালয়ৰ  গন সংযোগ আৰু  সাংবাদিকতা বিভাগৰ অতিথি অধ্যাপিকা শৰ্মিষ্ঠা দাস আৰু বিশিষ্ট লেখিকা তথা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ডিন ড° বিনীতা বৰা দেৱ চৌধুৰীয়ে ।

Related Articles