155th birth anniversary of Mahatma Gandhi: ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি অজস্ৰজনে বাপু আৰু লাল বাহাদুৰ শাস্ত্ৰীক জনালে শ্ৰদ্ধাঞ্জলি

নতুন দিল্লী, ২ অক্টোবৰ: জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জন্মদিন উপলক্ষে আজি সমগ্ৰ ৰাষ্ট্ৰই উদযাপন কৰিছে জন্মজয়ন্তী(155th birth anniversary of Mahatma Gandhi)।

বাপুৰ জন্মজয়ন্তী উপলক্ষ্যে দেশৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু(President Droupadi Murmu), উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাহুল গান্ধীকে ধৰি গণ্যমান্য ব্যক্তিসকলে ৰাজঘাটলৈ গৈ তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে(Tribute to Mahatma Gandhi)।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(Prime Minister Narendra Modi) মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ছ’চিয়েল মিডিয়া ‘X’ৰ এটা পোষ্ট শ্বেয়াৰ কৰে । পোষ্টটোত তেওঁ সত্য, সমন্বয় আৰু সমতাৰ ওপৰত ভিত্তি কৰি বাপুৰ জীৱন আৰু আদৰ্শৰ স্থায়ী প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁৰ এইসমূহ আদৰ্শই দেশবাসীক সদায়েই অনুপ্ৰাণিত কৰি থাকিব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্মজয়ন্তী উপলক্ষ্যে তেখেতকো শ্ৰদ্ধাঞ্জলি জনাই ছ’চিয়েল মিডিয়া ‘X’ত এটা পোষ্ট শ্বেয়াৰ কৰে । পোষ্টটোত তেওঁ লিখিছে, “দেশৰ জোৱান, কৃষক আৰু স্বাভিমানৰ বাবে নিজৰ জীৱন সমৰ্পণ কৰা পূৰ্বৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীক তেওঁৰ জন্ম বাৰ্ষিকী উপলক্ষ্যে জনাইছো শ্ৰদ্ধাঞ্জলি” ।

ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ অৱদান অবিস্মৰণীয় । তেওঁ বৃটিছ চৰকাৰৰ শাসনৰ বিৰুদ্ধে দেশত স্বাধীনতাৰ সংগ্ৰাম আৰম্ভ কৰিছিল আৰু শেষ নিশ্বাস পৰ্যন্ত বৃটিছৰ সৈতে যুঁজ দিছিল। তেওঁৰ এই অৱদানক সমগ্ৰ দেশে সদায়ে সোঁৱৰে । ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰ চহৰত জন্ম গ্ৰহণ কৰা মহাত্মা গান্ধী বা মোহনদাস কৰমচাঁদ গান্ধীয়ে অহিংস প্ৰতিবাদ ৰূপায়ন কৰি গৈছিল আৰু অত্যন্ত ধৈৰ্যৰে ঔপনিবেশিক বৃটিছ শাসনৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামৰ যুঁজখনত সকলোতকৈ আগত থাকি এই যুঁজ চলাই গৈছিল (Father of the Nation)। ইয়াৰ ফলস্বৰূপে ভাৰতে ১৯৪৭ চনত স্বাধীনতা লাভ কৰিছিল।

একে সময়ত্ ১৯০৪ চনত উত্তৰ প্ৰদেশত জন্ম গ্ৰহণ কৰা লাল বাহাদুৰ শাস্ত্রী হৈছে ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী । তেওঁ ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈকে প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত আছিল। পাকিস্তানৰ সৈতে তাছকেণ্ড চুক্তিত স্বাক্ষৰ কৰাৰ কিছু সময়ৰ পাছতেই ১৯৬৬ চনৰ ১১ জানুৱাৰীত ৬১ বছৰৰ বয়সত তাছকেণ্ডত তেওঁৰ মৃত্যু ঘটে। প্ৰাক্তন প্ৰধানমন্ত্ৰী শাস্ত্ৰী এগৰাকী মহান দূৰদৰ্শী নেতা আছিল, যিয়ে জনতাৰ ভাষা বুজি পোৱাৰ লগতে দেশক প্ৰগতিৰ দিশে আগবঢ়াই নিছিল। মহাত্মা গান্ধীৰ ৰাজনৈতিক শিক্ষাৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত আছিল লাল বাহাদুৰ শাস্ত্রী।

Related Articles