Breaking

১৫ নং বেজেৰা প্ৰাথমিক বিদ্যালয়ত সম্প্ৰীতি ভোজন কাৰ্যসূচী

0 9

বেজেৰা,২৯ জুনঃ ১৫ নং বেজেৰা প্ৰাথমিক বিদ্যালয়ত আজি সম্প্ৰীতি ভোজনৰ লগতে বিদ্যাঞ্জলী অনুষ্ঠান আৰু হেকাথন কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়। বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তৰুণ কুমাৰ ডেকাৰ সভাপতিত্ব হোৱা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দি বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই কয় যে আমাৰ অসমীয়া সমাজত সামূহিক ঐতিহ্যৰ এক পৰাম্পৰা আছে। ইয়ে আমাৰ আমাৰ সামাজিক বান্ধোন কটকটীয়া কৰি ৰাখে। কিন্তু অতি সম্প্ৰতি আধুনিকতাৰ পৰশ পাই এই ঐতিহ্যৰ ক্ৰমাৎ অৱক্ষয় হ’বলৈ ধৰিছে। এনে সন্ধিক্ষণত বিদ্যালয় বিলাকত আৰম্ভ কৰিবলৈ লোৱা সম্প্ৰীতি ভোজনৰ লেখিয়া কাৰ্যসূচীয়ে এক আশাৰ বতৰা কঢ়িয়াই আনিছে। তেও আৰু কয় যে বিদ্যালয় বিলাকত চৰকাৰে আৰম্ভ কৰা হেকাথন কাৰ্যসূচীয়ে শিক্ষাৰ্থীৰ উদ্ভাৱনী শক্তি বৃদ্ধিৰ লগতে সমস্যা সমাধানৰ বাবে সুবিবেচিত চিন্তাৰ বিকাশৰ এক পৰিৱেশ সৃষ্টি হৈছে। তাৰ বাবে চৰকাৰ ধন্যবাদৰ পাত্ৰ বুলি তেওঁ মন্তব্য কৰে। বৈশ্যই বিদ্যাঞ্জলী কাৰ্যসূচীত সমাজৰ সকলো শ্ৰেণীৰ ৰাইজক অংশগ্ৰহণ কৰিবলৈও আহ্বান জনায়। অনুষ্ঠানত ভাষণ দি বেজেৰা অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ ৰজনী তালুকদাৰে শিক্ষাৰ্থীসকলক অধ্যয়নত আন্তৰিকতাৰে ব্ৰতী হবলৈ আহ্বান জনায়। অনুষ্ঠানত বিদ্যাঞ্জলী কাৰ্যসূচীৰ অধীনত বিদ্যালয়খনলৈ কেইগৰাকীমান ব্যক্তিয়ে চিলিং ফেন দান দিয়ে।

Leave A Reply