Breaking

লখিমপুৰৰ সোৱণশিৰিত ব্ৰজপাতত ১৭ টা গৰুৰ মৃত্যুঃ কৃষক পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি…

0 22

লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত  সোৱণশিৰিৰ বালি চাপৰিত ভয়ংকৰ ব্ৰজপাতত মুঠ ১৭ টা গো-ধন তথা গৰুৰ মৃত্যু হৈছে৷ ইয়াকে লৈ নৈপৰীয়া কৃষিজীৱি ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ ঘটনাৰ বিৱৰণি মতে সোৱণশিৰিৰ বালি চাপৰি গাঁৱৰ ৰাইজে প্ৰতিটো দিনে শ শ গৰুকে ধৰি নিজৰ অন্য পোহনীয়া জন্তুসমূহ খাদ্যৰ বাবে সোৱণশিৰি নদীৰ চাপৰিত এৰি দিয়ে৷ আজিও পোহনীয়া জন্তুসমূহ সোৱণশিৰি নদীৰ চাপৰিত এৰি দিয়া হৈছিল৷ কিন্তু বিয়লি ১ বজাত হোৱা কেবাটাও হোৱা তীব্ৰ ব্ৰজপাতত মুঠ ১৭ টা গো-ধনৰ মৃত্যু হৈছে৷ ব্ৰজপাতৰ গতি ইমানেই ভয়ংকৰ আছিল যে  প্ৰতিটো ব্ৰজপাততে তিনি-চাৰিটাকৈ গো-ধন নিথৰভাৱে মৃত্যুক সাৱতি ল’ব লগা হয়৷নিজৰ গো-ধন চকুৰ সন্মুখতে এটাৰ পিছত আন এটা  গো-ধনৰ আকস্মিক মৃত্যু দেখি গৰখীয়াসকল নিৰ্বাক-নিস্পন্দন হৈ পৰে৷

একেদৰে নিজৰ মৰমৰ পোহনীয়া গো-ধনবোৰ ব্ৰজপাতত মৃত্যু হোৱা দেখি গো-ধনৰ মালিক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ উল্লেখনীয় যে, সম্প্ৰতি কৃষিকৰ্মত আধুনিক যন্ত্ৰপাতিয়ে কৃষিকৰ্মৰ দ্ৰুত কৰি তুলিলেও সোৱণশিৰিপৰীয়া কৃষিজীৱি ৰাইজৰ বাবে পোহনীয়া জীৱ-জন্তুৱে জীৱন-জীৱিকাৰ মূল সম্বল৷ এনে পৰিপ্ৰেক্ষিতত একেদিনাই ১৭ টাকৈ গো-ধনৰ মৃত্যৱে সোৱণশিৰিপৰীয়া কৃষক ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে৷

Leave A Reply