Breaking

মঙলদৈত RSSৰ বৰ্গ কেম্পত বিদ্যুৎস্পৃষ্ট হৈ ১৭ বছৰীয়া কিশোৰৰ কৰুণ মৃত্যু…

0 20

মঙলদৈত RSSৰ বৰ্গ কেম্পত অঘটন। বিদ্যুত্স্পৃষ্ট হৈ ১৭ বছৰীয়া কিশোৰৰ কৰুণ মৃত্যু। নিহত কিশোৰজন বিকাশ দাস। মঙলদৈৰ ডাহা গাঁৱত ঘৰ বিকাশ দাসৰ। বৰঙাবাৰী হাইস্কুলত চলি আছিল RSSৰ বৰ্গ কেম্প।

দৰং জিলা সমিতিৰ উদ্যোগত চলি আছিল প্ৰশিক্ষণ। বিদ্যালয়খনৰ দমকলত ভৰি ধুবলৈ যাওঁতে ঘটিল অঘটন। দমকলটোৰ সৈতে সংলগ্ন হৈ আছিল পানীৰ মটৰ।

মটৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত বিদ্যুত্স্পৃষ্ট হয় বিকাশ। ঘটনাৰ তদন্তৰ দাবী বিকাশৰ পৰিয়ালৰ।

Leave A Reply

Your email address will not be published.