Breaking

বকোৰ মালিবাৰীত টাউন ক্লাবৰ সপ্তদশ বাৰ্ষিক অধিৱেশনৰ সামৰণি

0 2,045

আন আন বছৰৰ দৰে এই বেলিও দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত মালিবাৰী টাউন ক্লাবৰ সপ্তদশ বাৰ্ষিক অধিৱেশনৰ  শনিবাৰে এক উখল মাখল পৰিৱেশৰ মাজত সামৰণি পৰে। অধিবেশনৰ সামৰণি অনুষ্ঠানৰ মুকলি ও বঁটা বিতৰণী সভাখন উদ্বোধন কৰে শিক্ষক আলাউদ্দিন আল আমিনে। জনপ্ৰিয় কণ্ঠশিল্পী ওৱাহিদা ৰহমানৰ সংগীতৰে আৰম্ভ হোৱা সভাত সভাপতিত্ব কৰে টাউন ক্লাবৰ  সভাপতি কুতুব উদ্দিন আহমেদে । সভাখনত প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি গোপীনাথ দাস, প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাস, ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সম্পাদক সুকুমাৰ বিশ্বাস, সমাজকৰ্মী ড০ প্ৰহ্লাদ চন্দ্ৰ দাস, সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য ছাহজাহান আলী আহমেদ আদি বহুকেইজন বক্তাই শৈক্ষিক, সামাজিক, ৰাজনৈতিক দিশ সামৰি ভাষণ প্ৰদান কৰাৰ লগতে সমাজৰ পৰা দুৰ্নীতি, অনিয়ম, অসামাজিক কাৰ্য্যকলাপ পৰিহাৰ কৰি আত্মশুদ্ধিৰে দায়বদ্ধতাৰেঅঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত সকলোকে ঐক্যবদ্ধভাৱে আগবাঢ়া যাৱলৈ আহ্বান জনায়। সভাত টাউন ক্লাবৰ সভাপতি কুতুব উদ্দিন আহমেদে ভাষণত উপস্থিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিক বৃহত্তৰ মালিবাৰী অঞ্চলৰ সামগ্ৰীক উন্নয়নৰ প্ৰতি গুৰুত্ব প্ৰদানৰ আহ্বান জনায়। তদুপৰি সভাত সমাজকৰ্মী আলহাজ মীৰ মহম্মদ আলী, অধ্যাপক নজমূল হক, আব্দুল কাদিৰ বাবু, তাৰেক হুছেইন, আলহাজ চানমিঞা, ওচমান গনি, হজৰত আলী, নুৰ আলম আদি বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য যে অধিবেশন উপলক্ষে পতাকা উত্তোলন, সমাজসেৱা, বৃক্ষৰোপন, সাধাৰণ খেল ধেমালি প্ৰতিযোগিতা, তৰ্ক, আবৃত্তি, আকস্মিক প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে যোৱা নিশা বৰপেটাৰ কণ্ঠশিল্পী মিচ মুন্নী আৰু অনাতাঁৰ আৰু দুৰদৰ্শন শিল্পীসহ কেইবাজন আমন্ত্ৰিত শিল্পীবৃন্দৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়।সাংস্কৃতিক অনুষ্ঠানটিত অসম জাতীয় পৰিষদৰ বকো সমষ্টিৰ আহ্বায়ক দীপজ্যোতি দাস আৰু সমাজকৰ্মী আবু তাহেৰে ভাষণ প্ৰদান কৰে। 

Leave A Reply

Your email address will not be published.