প্ৰেৰণা পুথিভঁৰালৰ ১৭ সংখ্যক বিষ্ণু ৰাভা দিৱসৰ ফলাফল ঘোষণা

নলবাৰী জিলাৰ প্ৰেৰণা পুথিভঁৰালৰ ১৭ সংখ্যক বিষ্ণু ৰাভা দিৱস উপলক্ষে যোৱা ১৬ জুন তাৰিখে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । সেইমতে চিত্ৰাংকন প্ৰতিযোগিতাৰ নিম্নশাখাৰ বিষয় আছিল ‘বিলতে হালিছে ধুনীয়া পদুমী’। ইয়াত প্ৰথম স্থান লাভ কৰে পানীগাঁৱৰ দিল্লী পাব্লিক স্কুলৰ উপাসনা কাশ্যপে । দ্বিতীয় আৰু তৃতীয় হয় ক্ৰমে চামতাৰ নৱজ্যোতি জাতীয় বিদ্যালয়ৰ ধৰ্মিষ্ঠা দেৱী আৰু কৈঠালকুছিৰ শংকৰদেৱ শিশু নিকেতনৰ হৃষিৰাজ কাশ্যপে । মধ্যশাখাৰ বিষয় : ‘বিশ্বৰ ছন্দে ছন্দে’ । ইয়াত প্ৰথম স্থান লাভ কৰে চামতাৰ নৱজ্যোতি জাতীয় বিদ্যালয়ৰ অংশুমিতা কৌশিকে । দ্বিতীয় চামতাৰ বিষ্ণু জ্যোতি একাডেমীৰ ধৃতিষ্মান বৰ্মন আৰু তৃতীয় হয় পিপলিবাৰী হাইস্কুলৰ হিয়াশ্ৰী দাস । আনহাতে উচ্চ শাখাৰ বিষয় আছিল : ‘বিষ্ণু ৰাভাৰ মুখাৱয়ব’ ।

ইয়াত প্ৰথম হয় চামতাৰ ইডেন ভেলী একাডেমীৰ সীমান্ত ৰাজবংশী । দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভিতালী দাস আৰু একেই বিদ্যালয়ৰ অংকুৰ বৰ্মনে । ইফালে বিষ্ণু ৰাভা বিষয়ক লিখিত কুইজ প্ৰতিযোগিতাত নিম্নশাখাত প্ৰথম স্থান লাভ কৰে ইডেন ভেলী একাডেমীৰ জিয়ান তালুকদাৰে । দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে চামতাৰ চামতাৰ ১৩৮ নং কাশীনাথ বিদ্যামন্দিৰ প্ৰা: বি: ৰ ৰূদ্ৰাক্ষী দেৱী আৰু নলবাৰীৰ শংকৰদেৱ শিশু নিকেতনৰ দিশা শৰ্মাই । ইয়াত নিচুকণি বঁটা লাভ কৰে পশ্চিম চামতা হাইস্কুলৰ ৰুবুল আলী, চামতা ছোৱালী হাইস্কুলৰ ডলী বৈশ্য, কাশীনাথ বিদ্যামন্দিৰৰ আৰিফ আহমেদ আৰু একেখন বিদ্যালয়ৰ সৃষ্টি কাশ্যপে । মধ্যশাখাৰ প্ৰথম, দ্বিতীয়, তৃতীয় হয় ক্ৰমে নৱজ্যোতি জাতীয় বিদ্যালয়ৰ অংকুৰ জ্যোতি নাথ, নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ শুভাংগম শৰ্মা আৰু নৱজ্যোতি জাতীয় বিদ্যালয়ৰ প্ৰাচুৰ্য কৌশিকে । আনহাতে কুইজ প্ৰতিযোগিতাৰ উচ্চ শাখাত প্ৰথম স্থান লাভ কৰে নলবাৰীৰ ডি এছ আৰ একাডেমীৰ অভিনৱ নাৰায়ণ শৰ্মাই । দ্বিতীয় আৰু তৃতীয় হয় ক্ৰমে নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ শুভাংগম শৰ্মা আৰু চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অংকুৰ বৰ্মনে । ইয়াৰ পাছতে অনুষ্ঠিত কবিতা আবৃত্তি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ ভাস্বতী কৌশিকে । দ্বিতীয় আৰু তৃতীয় হয় ক্ৰমে ইডেন ভেলী একাডেমীৰ বৃষ্টি কাকতী আৰু কাশীনাথ বিদ্যামন্দিৰৰ ৰূদ্ৰাক্ষী দেৱীয়ে । উদগনিমূলক বঁটা লাভ কৰে নৱোদয় জাতীয় বিদ্যালয়ৰ কৃষ্টি কানন দত্ত, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অংকুৰ বৰ্মন আৰু নৱজ্যোতি জাতীয় বিদ্যালয়ৰ প্ৰাচুৰ্য কৌশিকে ।

আবেলি অনুষ্ঠিত হোৱা বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে চামতাৰ বিষ্ণু জ্যোতি একাডেমীৰ ভূমিকা শৰ্মাই । দ্বিতীয় হয় নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ ভাৰ্বী দেৱী আৰু তৃতীয় স্থান লাভ কৰে যুটীয়াভাৱে নলবাৰীৰ অসম ভেলী একাডেমীৰ সুস্মিতা কাশ্যপ আৰু অমন আহমেদে । আনহাতে বিচাকৰ বিশেষ বঁটা লাভ কৰে যুটীয়াভাৱে বৰকাপলা কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰণামিকা বৰ্মন আৰু চামতাৰ ব্ৰিলিয়েণ্ট ইংলিছ মিডিয়াম স্কুলৰ প্ৰত্যাশা শৰ্মাই । সন্ধিয়া বিষ্ণু ৰাভাৰ গীতৰ আধাৰত অনুষ্ঠিত হোৱা একক নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিমাদ্ৰী মালাকৰে । দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে সাহপুৰৰ কাকলি বৈশ্য আৰু নৱোদয় জাতীয় বিদ্যালয়ৰ তৃশাংগী তালুকদাৰে । বিচাৰকৰ বিশেষ বঁটা লাভ কৰে কৃষ্ণশিখা তালুকদাৰ আৰু নলবাৰী শংকৰদেৱ শিশু নিকেতনৰ দিশা শৰ্মাই । আনহাতে নৃত্য প্ৰতিযোগিতাত উদগনিমূলক বঁটা লাভ কৰে নলবাৰীৰ ৰূদ্ৰানী কাশ্যপ, বিহামপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ জুৱলি হালৈ আৰু একেখন বিদ্যালয়ৰ সাগৰিকা দাসে ।উল্লেখ্য যে অহা ২৩ জুন তাৰিখে দিনৰ ১১ বজাত হ’বলগীয়া বিষ্ণু ৰাভা দিৱসৰ আলোচনা সভাত বঁটাসমূহ বিতৰণ কৰা হ’ব ।
প্ৰেৰক, দিগন্ত বৰ্মণ, ।

Related Articles