17th Inter District Wrestling Championship 2024: গুৱাহাটীত সামৰণি পৰিল ১৭ সংখ্যক সদৌ অসম আন্তঃজিলা মল্লযুঁজ চেম্পিয়নশ্বিপৰ

(17th Inter District Wrestling Championship 2024)ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰত মল্লযুঁজক সুদৃঢ়ভাবে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ১৯ অক্টোবৰৰ পৰা অসম মল্লযুঁজ সন্থাৰ উদ্যোগত গুৱাহাটীৰ ডিটিআৰপি ষ্টেডিয়ামত আয়োজন কৰা সদৌ অসম আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতাৰ ২০ অক্টোবৰত সফল সামৰণি পৰে৷ সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসমৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্য৷

নিজৰ ভাষণত ৰাজ্যপাল লক্ষ্মণ আচাৰ্যই প্ৰত্যহিক জীৱনত খেলৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে৷ ৰাজ্যপালগৰাকীয়ে কয়– পূৰ্বে পঢ়িলে শুনিলে হৈছিল মহাৰাজ, এতিয়া খেলিলেও হয় মহাৰজা৷ ৰাজ্যপাল লক্ষ্মণ আচাৰ্যই এনে মন্তব্যৰ জড়িয়তে বৰ্তমান সময়ত খেল-ধেমালিৰ গুৰুত্ব কিমান বৃদ্ধি পাইছে আৰু খেলো যে জীৱিকাৰ এক মাধ্যম হব পাৰে সেই কথাই বুজাবলৈ প্ৰয়াস কৰে৷ (Assam Wrestling Association)

ৰাজ্যপালগৰাকীয়ে আগতে খেলৰ গুৰুত্ব কম আছিল, কিন্তু এতিয়া খেলৰ গুৰুত্ব বৃদ্ধি পাইছে বুলিও কয়৷ সামৰণি অনুষ্ঠানত ৰাজ্যপালৰ উপৰি অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, সাংসদ দিলীপ শইকীয়া, অসম অলিম্পিক সন্থাৰ উপ-সভাপতি ,প্ৰণৱ জোতি লহকৰ, অসম মল্লযুঁজ সন্থাৰ উপ-সভাপতি অভিজিত নাথ, অসম অলিম্পিক সন্থাৰ উপ-সভাপতি ৰাজীৱ শৰ্মাকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই কয়- খেল-ধেমালিয়ে নৱ প্ৰজন্মক ড্ৰাগছৰ দৰে ভয়াৱহ আসক্তিৰ পৰা দূৰত ৰাখিব পাৰে৷ সামৰণি অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি অসম মল্লযুঁজ সন্থাৰ সভাপতি ৰাতুল শৰ্মাই কয় উত্তৰাখণ্ডৰ পিছত অসমত হোৱাৰ সম্ভাৱনা থকা ৰাষ্ট্ৰীয় গেমছৰ বাবে অসমৰ ১১ গৰাকী মল্লযোদ্ধাক সাজু কৰি তোলাৰ অৰ্থে প্ৰশিক্ষণ দিবলৈ অসম চৰকাৰে দায়িত্ব গ্ৰহণ কৰিব৷ (Wrestling Federation of India)

সেই ১১ গৰাকী খেলুৱৈৰ ভিতৰত গোলাঘাটৰ ২গৰাকী, লখিমপুৰৰ এগৰাকী, কোকৰাঝাৰৰ ২গৰাকী, শোণিতপুৰৰ ২ গৰাকী, গুৱাহাটীৰ ৰগৰাকী, কাৰ্বি আংলঙৰ ৰগৰাকী আৰু ডিমা হাচাওৰ ২গৰাকী খেলুৱৈ আছে৷ মল্লযুঁজক খেল মহাৰণৰ অন্তৰ্ভুক্ত কৰা হব বুলিও শৰ্মাই প্ৰকাশ কৰে৷ অসমৰ পৰা হেৰাই যোৱাৰ উপক্ৰম ঘটা মল্লযুঁজক পুনৰুজ্জীৱিত কৰাৰ বাবে ৰাতুল শৰ্মাৰ দৰে ব্যক্তিসকলে গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে সাংসদ দিলীপ শইকীয়াকে ধৰি অন্যান্যসকলে৷ (Assam Wrestling Association President Ratul Sharma)

১৯ অক্টোবৰৰ পৰা আৰু ২০ অক্টোবৰলৈ চলা এই প্ৰতিযোগিতা শনিবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰিছিল ৷প্ৰতিযোগিতাখনত ৰাজ্যৰ ৩০ খন জিলাৰ পৰা খেলুৱৈৱে অংশগ্ৰহণ কৰে৷ (nehru stadium guwahati)গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত সপ্তদশ আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতা অনুষ্ঠিত চেম্পিয়নশ্বিপৰ উদ্ধোধনী অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টি, হাৰিয়ানা প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, অসম চৰকাৰৰ মহাধিবক্তা তথা অসম মল্লযুঁজ সন্থাৰ মুখ্য ন্যায়িক উপদেষ্টা দেৱজিৎ ল’ন শইকীয়া, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সাধাৰণ সম্পাদক, পল্লৱলোচন দাস, পূৱ গুৱাহাটী আৰু নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে সিদ্ধাৰ্থ ভট্টাচাৰ্য্য আৰু ৰূপক শৰ্মা, গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়া, অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ অশোক ভড়ালী, অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক উজ্জ্বল বৰুৱাকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তি সকলৰ উপস্থিত আছিল৷ প্ৰতিযোগিতা সুকলমে সম্পন্ন কৰাৰ বাবে খেলুৱৈ আৰু সমষ্টি সকলোকে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছে অসম মল্লযুঁজ সন্থাৰ সভাপতি ৰাতুল শৰ্মাই৷ (17th Inter-District Wrestling Competition at Indore Stadium)

Related Articles