Breaking

হোজাই জিলাত কৰণাত আক্ৰান্তৰ সংখ্যা ১৯৩ জনলৈ বৃদ্ধি, ৩ জনৰ মৃত্যু

0 2,049

ৰাজ্যত কভিড-১৯ মহামাৰীৰ প্ৰকোপ দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাতো দ্ৰুত গতিত বৃদ্ধি পাইছে কভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ আজিও জিলা খনত ৩৬ জন কভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছে ।সম্প্ৰতি হোজাই জিলাত কভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ১৯৩ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৩ জন লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে, মৃত্যু হোৱা এজন যমুনামুখ আন দুজন লংকা আৰু লামডিঙৰ বুলি জানিব পৰা গৈছে। দুজন গুৱাহাটীত মৃত্যু হৈছে বুলি স্বাস্থ্য বিষয়াই জানিবলৈ দিছে ৷ আক্ৰান্তসকলৰ ১৬২ গৰাকী লোক হোম আইচলেচনত আছে ৷ বাকীসকলৰ নীলবাগান কভিড চেন্টাৰত ২১জন, গুৱাহাটী মেডিকেল কলেজত ৩ জন, গুৱাহাটীৰ কালাপাহাৰ চিকিৎসালয়ত ৩ জন,নগাওঁত ৩ জন আৰু গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ১ জন আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে ৷ জিলাখনৰ কভিড আক্ৰান্ত ২৭ জন ৰোগী বৰ্তমান সুস্থ হৈ নিজ নিজ ঘৰলৈ উভতিছে ৷ ইপিনে জিলাখনত অনুমানিক ৫০ হাজাৰ লোকক কভিড ভেকচিন দিয়া হৈছে ৷ লগতে জিলাখনত কভিড আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত অক্সিজেন, বিচনা মজুত থকাৰ লগতে পৰ্যাপ্ত ভেকচিন থকা বুলি সদৰি কৰে হোজাই জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে ৷ হোজাই জিলাৰ লামডিঙলৈ বাহিৰৰ পৰা অধিক হাৰত আগমন ঘটাত লামডিঙত সৰ্বাধিক লোক আক্ৰান্ত হৈছে বুলি মত ব্যক্ত কৰে হোজাই জিলা স্বাস্থ্য বিভাগৰ যুটিয়া সঞ্চালক গৰাকীয়ে ৷

Leave A Reply

Your email address will not be published.