Breaking

বাতিল হ’ল ২০২১ বৰ্ষৰ অম্বুবাচী মেলা

0 2,154

 কৰ’নাৰ বাবে বাতিল হ’ল ২০২১বৰ্ষৰ অম্বুবাচী মেলা৷ সীমিত ধৰ্মীয় পৰম্পৰাৰে পালন কৰা হ’ব অম্বুবাচী মেলাৰ পূজা৷ কৰ’নাৰ ভয়াবহকতাৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে মন্দিৰ পৰিচালনা সমিতয়ে৷ ২২ জুনত হ’ব অম্বুবাচীৰ প্ৰবৃত্তি৷ তেতিয়াৰ পৰা বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দুৱাৰ৷ বিগত বৰ্ষতো বাতিল হৈছিল অম্বুবাচী মেলা৷ ক’ভিডৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল মন্দিৰ পৰিচালনা সমিতয়ে৷ এই বৰ্ষটো একে সিদ্ধান্ত গ্ৰহণ কৰে৷

উল্লেখ্য যে, অম্বুবাচী মেলাত বহু দুৰ-দুৰণিৰ পৰা সৈন্নাসী তথা বাবসকলৰ আগমণ ঘটে৷ প্ৰতিবছৰে ২২ জুনৰ পৰা ২৬ জুনলৈ উদযাপন এই মেলাৰ৷ অম্বুবাচীৰ প্ৰথম তিনিদিন চুৱা, চতুৰ্থদিনা শুদ্ধি বুলি কোৱা হয় ৷ অম্বুবাচী সমগ্ৰ উত্তৰ-পূব ভাৰততে পালন কৰা হয়৷ অম্বুবাচীৰ সময়ছোৱাত হাল বোৱা, কোনো ধৰণৰ মাংগলিক কাৰ্য সম্পন্ন কৰা নহয় ৷এই সময়ছোৱাত মঠ-মন্দিৰৰ দুৱাৰসমূহ বন্ধ থাকে ৷ প্ৰৱচন অনুসৰি, পৃথিবীৰ এই দিনকেইটাত ঋতুচক্ৰ হোৱাৰ বাবে এই প্ৰথা অতিতৰে পৰা অসমৰ কামাখ্যা ধামত প্ৰচলিত হৈ আহিছে৷

Leave A Reply

Your email address will not be published.