‘বাটৰ কবিতা’ৰ সমন্বয়ক খাইৰুল ইছলামলৈ ২০২২ বৰ্ষৰ ছোলেমন নেছা সোঁৱৰণী বঁটা

মৈৰাবাৰী প্ৰেছ ক্লাৱত কালি বিয়লি ২ বজাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত উত্তৰ পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ লাহৰিঘাট শাখা সমিতিৰ তৰফৰ পৰা বিশিষ্ট কবি তথা ‘বাটৰ কবিতা’ৰ সমন্বয়ক খাইৰুল ইছলামলৈ প্ৰদান কৰা হয় ২০২২ বৰ্ষৰ ছোলেমন নেছা সোঁৱৰণী বঁটা। ২০১৫ চনৰ পৰা প্ৰতি মাহৰ ১০ তাৰিখে অবিৰতভাৱে সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’ আয়োজন কৰি সমগ্ৰ অসমজুৰি চৰ্চিত হোৱা মৰিগাঁৱৰ কবি খাইৰুল ইছলামৰ ব্যতিক্ৰমী প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে আজি এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে উত্তৰ পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনে। লাহৰিঘাট শাখা সমিতিৰ সাধাৰণ সম্পাদক ৰেকিবুল আজাদে নিজৰ প্ৰয়াত আইতাক ছুলেমন নেছাৰ স্মৃতিত প্ৰদান কৰা এই বঁটাত আছে এখনি শৰাই, মানপত্ৰ, কিতাপৰ টোপোলা, ফুলাম গামোচা আৰু নগদ ধন। সমাজ সূৰ্য বঁটা প্ৰাপ্ত এনামুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৰাজ্য চৰকাৰৰ কৃতী শিক্ষক বঁটা প্ৰাপ্ত মকবুল হুছেইনে।

তেওঁ কবি খাইৰুল ইছলামৰ দীৰ্ঘদিনীয়া কাব্য আন্দোলনৰ ভূয়সী প্ৰশংসা কৰি তেওঁৰ এই যাত্ৰাৰ দীৰ্ঘায়ু কামনা কৰে। সাংবাদিক বদৰুজ জামান আকতাৰে নিজৰ বক্তব্যত ‘বাটৰ কবিতা’ৰ জৰিয়তে কবি খাইৰুল ইছলামৰ নিৰলস প্ৰচেষ্টাৰ শলাগ লয় আৰু তেওঁলৈ উত্তৰ পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ বঁটা প্ৰদানৰ দৰে প্ৰেৰণামূলক পদক্ষেপক আদৰণি জনায়। যুৱ কবি মুহাম্মাদ আফজালে কয় যে লাহৰীঘাট আৰু মৈৰাবাৰীবাসী নৈপৰীয়া নৱপ্ৰজন্মই সৃষ্টিশীল কৰ্মৰাজি তথা প্ৰতিভাৰ বিকাশ সাধনেৰে মৰিগাঁও জিলাখনলৈ অৰিহণা যোগাব পৰাকৈ কাম কৰিব লাগিব, তেহে নিজৰ পৰিচয় তথা সামাজিক অৰিহণা ৰৈ বৈ যাব। সভাত বঁটা প্ৰাপক কবি খাইৰুল ইছলামে উদ্যোক্তামণ্ডলীক কৃতজ্ঞ

Related Articles