Breaking

ৰঙিয়াৰ তুলসীবাৰীত ২২ বছৰীয়া যুৱকৰ মৃত্যুত শোক

0 35

ৰঙিয়া,৩ জুলাইঃ ৰঙিয়াৰ তুলসীবাৰীত এগৰাকী যুৱকৰ মৃত্যু হয়। ২২ বছৰীয়া যুৱক গৰাকী তুলসীবাৰীৰ সৌৰভ কলিতা। প্ৰায় ৬ মাহ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মঙলবাৰে গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত যুৱক গৰাকীৰ মৃত্যু হয়। ইফালে এই মৃত্যুৰ খবৰ বিয়পি পৰাৰ সমগ্ৰ অঞ্চলজুৰি শোকান্বিত হৈ পৰে। উল্লেখ্য যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তৰণী খণ্ডৰ শাৰীৰিক প্ৰমূখ হিচাপে সৌৰভ কলিতা দায়িত্বত আছিল।

আনহাতে প্ৰতিভাৱান যুৱক গৰাকীৰ মৃত্যুত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কামৰূপ জিলা, ৰঙিয়া নগৰৰ লগতে তৰণী হৰিমন্দিৰ ,আৰিমত্ত ভবন প্ৰমুখ্যে বিভিন্ন অনুষ্ঠান তথা ব্যাক্তিয়ে শোক প্ৰকাশ কৰে। কবিতা আদি লিখিবলৈ আৰম্ভ কৰা যুৱক গৰাকীয়ে ৰঙিয়া মহাবিদ্যালয়ত স্নাতক শিক্ষাগ্ৰহণ কৰি আছিল। মৃত্যুৰ সময়ত যুৱক গৰাকীয়ে পিতৃ- মাতৃ আৰু ভাতৃসহ ভালেসংখ্যক আত্মীয় স্বজনক এৰি থৈ যায়।

Leave A Reply