Breaking

ওদালগুৰিৰ ২৪নং বটালিয়ন সীমান্ত সুৰক্ষা বাহিনীৰ দুৰ্নীতি নিবাৰক কৰ্মশালা

0 2,026

ওদালগুৰি জিলাৰ ৰাজাগড় আৰু নালাপাৰাত থকা ২৪ নং  বটালিয়ন সীমান্ত সুৰক্ষা বাহিনী ( এছ এছ বি)ৰ দ্বাৰা আয়োজন কৰা দুৰ্নীতি নিবাৰক আৰু নিয়ন্ত্ৰণ বিষয় কৰ্মশালা যোৱা ২৩ অক্টোবৰত নৱজ্য্যেতি মধ্য ইংৰাজী বিদ্যালয় প্ৰাঙ্গণতনত সম্পন্ন হয়। উক্ত কৰ্মশালাত ২৪ নং বটালিয়ন সীমান্ত সুৰক্ষা বাহিনীৰ মুখ্য সুৰক্ষা বিষয়া শ্ৰী এ বি সঞ্জীৱ ৰাওৱে সমাজত ঘটি থকা দুৰ্নীতি, মাদক দ্ৰব্য সেৱনৰ পৰা সমাজক কেনেকৈ সুৰক্ষিত কৰিব পাৰি তাৰ বিষয় উল্লেখ কৰাৰ লগতে বৰ্তমান নৱ প্ৰজন্ম সকল কিয় ড্ৰাগ্চত লিপ্ত হয় আৰু নিজৰ পৰিয়ালৰ লগতে সমাজকো বিপথে পৰিচালিত কৰি সমস্যাৰ সৃষ্টি কৰে তাৰপৰা সুৰক্ষা দিবৰ বাবে সমাজও আগবাঢ়ি আহি নিচাযুক্ত দ্ৰব্যৰ পৰা নৱ প্ৰজন্মক আতৰাই ৰাখিব পাৰি আৰু শু-পৰামৰ্শ প্ৰদান কৰি সমাজৰ লগতে যুৱপ্ৰজন্মক শিক্ষিত কৰি সংস্কাৰময় সমাজ নিৰ্মাণ কৰিবৰ কাৰণে সীমান্ত সুৰক্ষা বাহিনীৰ মুখ্য বিষয়া এ বি সঞ্জীৱ ৰাওএ উপস্থিত জনসাধাৰণক আহ্বান জনায়। উক্ত কৰ্মশালাত সীমান্ত সুৰক্ষা বাহিনী(এছ এছ বি) ৰাজাগড় সমন্বয়ক প্ৰভাৰী তথা সহ কমাণ্ডেন্ট বিকাশ সাৱৰিয়া, নালাপাৰা সীমান্ত সুৰক্ষা বাহিনীৰ ইন্সপেক্টৰ দৌলতৰাম মীনা, নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক সুভাষ কবিৰাজ, বিদ্যালয়ৰে অন্যান্য কৰ্মচাৰীৰ লগতে ছাত্র-ছাত্ৰী সকলেও দুৰ্নীতী নিবাৰক তথা  নিচাযুক্ত দ্ৰব্য সেৱনৰ বিৰোধিতা আৰু তাৰপৰা সুৰক্ষা পাব পৰা কৰ্মশালাত অংশগ্ৰহণ কৰি সমাজ নিৰ্মাণৰ পণ লৈ আগবাঢ়ি যোৱাৰ  সংকল্প লয়।

Leave A Reply

Your email address will not be published.