Breaking

ইউক্ৰেইনৰ পৰা উভতিল ২৪২ গৰাকী ভাৰতীয়

0 44

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ আকংশা ।এই যুদ্ধংদেহী পৰিৱেশৰ মাজত ইউক্ৰেইনৰ পৰা উভতিল ২৪২ গৰাকী ভাৰতীয়।ৰাছিয়া আৰু ইউক্ৰেইন আক্ৰমণাত্মক পৰিৱেশৰ মাজতে কিয়েভত থকা ভাৰতীয় দূতাবাসে ইউক্ৰেইনত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক সাময়িকভাৱে দেশ এৰিবলৈ আহ্বান জনাইছিল।

তাৰ পিছতে ২৪২ গৰাকী ভাৰতীয়ই ইউক্ৰেইণ এৰি সুৰক্ষিতভাৱে ভাৰত পালেহি।ইউক্ৰেইনৰ পৰা অহা এই দলটোৰ বেছিভাগেই শিক্ষাৰ্থী বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য বিশ্ববাসীক স্তম্ভিত কৰি সোমবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে পূব ইউক্ৰেইনৰ ডনেটক্স আৰু লুহানক্স অঞ্চল দুটাৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব ঘোষণা কৰি অঞ্চল দুটালৈ শান্তিৰক্ষী বাহিনী প্ৰেৰণৰ নিৰ্দেশ দিয়ে।
ভ্লাডিমিৰ পুটিনৰ এই কথা পৰা এটা কথা অনুমান কৰিব পাৰি যে ৰাছিয়াই যিকোনো মুহূৰ্ততে ইউক্ৰেইন আক্ৰমণ কৰাৰ সম্ভাৱনা আছে ।

Leave A Reply

Your email address will not be published.