Breaking

গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত : কুখ্যাত ড্ৰাগছ মাফিয়া পাপু আলিৰ বাসগৃহত উদ্ধাৰ ২৫ গ্ৰাম হেৰ’ইন

0 1,527

ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। গোলাঘাটতো  দৈনিক গ্ৰেপ্তাৰ হৈছে ড্ৰাগছৰ বহু মাফিয়া।  আজি গোলাঘাট তিৰুৱাল বৰফুকন খাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । ড্ৰাগছ ব্যৱসায়ী পাপু আলি বাসগৃহত  ফৰকাটিং আৰক্ষীয়ে চলালে এই  অভিযান । অভিযানত পাপু আলিৰ নিৰ্মিয়মান বাসগৃহৰ পৰা  ২৫ গ্ৰাম হেৰইন জব্দ কৰে আৰক্ষীয়ে । চিমেন্টৰ বস্তাৰ তলৰ পৰা উদ্ধাৰ কৰে ড্ৰাগছ সমূহ । জব্দ কৰা ড্ৰাগছ সমূহৰ আনুমানিক মূল্য ৫০ হাজাৰ টকাৰ বুলি জানিব দিয়ে আৰক্ষীয়ে ।  আৰক্ষীয়ে ড্ৰাগছ সমূহ উদ্ধাৰ কৰে যদিও  পাপু আলিক গ্ৰেপ্তাৰ কৰিব সক্ষম হোৱা নাই। পাপু আলিৰ ভাতৃৰ ভাষ্য মতে কৰ’নাত আক্ৰান্ত হৈ আছে পাপু আলি । উল্লেখযোগ্য যে পাপু আলি ড্ৰাগছৰ লগতে বহুতো অপৰাধমূলক কাৰ্যৰ লগত জড়িত থকাৰ অভিযোগ আছে । পূৰ্বেও বাসগৃহত অস্ত্ৰ-সস্ত্ৰ মজুত ৰাখি  আৰক্ষীৰ হাতত গ্ৰপ্তাৰ হৈছিল পাপু আলি ।

Leave A Reply

Your email address will not be published.